জামুগুৰিহাটঃ ভাৰতৰ স্বাধীনতা আন্দোলনত প্ৰাণ আহুতি দিয়া মেজৰ দূৰ্গা মল্লৰ স্মৃতিত ৰাজ্যৰ অন্যান্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ টুপিয়াতো বলিদান দিৱস উদযাপন কৰা হয়৷

টুপিয়া শ্ৰী শ্ৰী লক্ষ্মী নাৰায়ন মন্দিৰ আৰু গ্ৰাম্য উন্নয়ন সমিতিৰ উদ্যোগত লক্ষ্মী নাৰায়ন মন্দিৰ প্ৰাঙ্গঁণত দিনযোৰা কাৰ্য্যসূচীৰে উদযাপন কৰা হয় বলিদান দিৱস ৷

এই দিৱসৰ মূখ্য কাৰ্য্যসুচী স্মৃতি চাৰণ অনুষ্ঠানত উপস্থিত থাকি চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা।

লগতে পঢ়কঃপুখুৰীত বিহ দি মাছ মৰাৰ চেষ্টা দুৰ্বৃত্তৰ

বিধায়ক গৰাকীয়ে কয়, ”স্বাধীনতা আন্দোলনত আত্মবলিদান দিয়া মেজৰ দূৰ্গা মল্লৰ ত্যাগক আমি শ্ৰদ্ধাৰে সুঁৱৰিছো ৷ তেওঁৰ আদৰ্শ আমি গ্ৰহণ কৰা উচিত৷ মোৰ সমষ্টিৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ গোৰ্খা ৰাইজৰ সৈতে মোৰ এক আত্মীয় সম্পৰ্ক আছে ৷ বৃহত্তৰ অসমীয়া সমাজ গঠনত গোৰ্খা সকলৰ অৱদান আছে ৷ সেয়ে আমাৰ চৰকাৰে এই কথা উপলব্ধি কৰিয়েই গোৰ্খা সকলৰ ডি ভোটৰ সমস্যা সমাধান কৰাৰ লগতে এন আৰ চি প্ৰক্ৰিয়াৰ পৰা সকলো অভিযোগ মুক্ত কৰি দিছে ৷”

এই গোৰ্খা সকলক লৈ কোনোৱে যাতে নিকৃষ্ট ৰাজনীতি নকৰক বুলিও সকিয়াই দিয়ে বিধায়ক পদ্ম হাজৰিকাই ৷ বিশিষ্ট সমাজকৰ্মী তথা শিক্ষক তুলসী কাৰ্কীয়ে আঁত ধৰা তথা জেষ্ঠ অধিবক্তা কৃষ্ণ ছেত্ৰীয়ে পৌৰহ্যিত কৰা সভাখনিত শ্বহীদ দূৰ্গা মল্লৰ ওপৰত স্মৃতি চাৰণ কৰে সাহিত্য একাডেমী বঁটা প্ৰাপক চন্দ্ৰমনি উপ্যাধায় আৰু জ্ঞান বাহাদুৰ ছেত্ৰীয়ে ৷

পুৱা বৃক্ষৰোপনৰে কাৰ্য্যসূচী শুভাৰাম্ভ কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৰূপ নাৰায়ন পাঠকে ৷ শ্বহীদ তৰ্পন অনুষ্ঠান মুকলি কৰে নেপালী সাহিত্য সভাৰ প্ৰাক্তন জিলা সভাপতি গুৰুপ্ৰসাদ উপাধ্যায়ে ৷

স্মৃতিচাৰণ অনুষ্ঠানতে তুলসী কাৰ্কীৰ কথা আৰু সুৰত নেপালী আৰু অসমীয়া ভাষাত দুটিকৈ ভক্তিমূলক গীত উন্মোচন কৰে বিধায়ক পদ্ম হাজৰিকাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply