গুৱাহাটীঃ মুখ্যমন্ত্ৰী ড০ হিমন্তবিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত ৫টা অসমীয়া মুছলিম উপগোট গৰীয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া অসমীয়া মুছলমান সম্প্ৰদায় হিচাপে চিহ্নিত কৰাত অনোমোদন জনাইছে। চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বিভিন্ন দল সংগঠনে।

কিন্তু সদৌ অসম গৰীয়া জাতীয় পৰিষদে চৰকাৰৰ এই সিদ্ধান্ত অভিসন্ধিমূলক বুলি মন্তব্য কৰিছে। কাৰণ গৰীয়া, মৰিয়া, জলহা, দেশী আৰু চৈয়দক খিলঞ্জীয়া জনগোষ্ঠী হিচাপে স্বীকৃতি দিয়াৰ পৰিৱৰ্তে খিলঞ্জীয়া অসমীয়া মুছলমান বুলি ধৰ্মীয় মেৰপাকৰ মাজত অন্তৰ্ভুক্ত কৰি গৰীয়াক এক উপগোট হিচাপে স্বীকৃতি প্ৰদান কৰিছে। চৰকাৰৰ এই সিদ্ধান্তক আসোঁৱাহপূৰ্ণ বুলি উল্লেখ কৰি সংগঠনটোৱে কয় যে চৰকাৰে খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ কৰাৰ পাছত এনে সিদ্ধান্ত গ্ৰহণ কৰা প্ৰয়োজন। খিলঞ্জীয়াৰ সংজ্ঞা নিৰূপণ নকৰাকৈ খিলঞ্জীয়াৰ স্বীকৃতি অৰ্থহীন। গৰীয়া সকলক চৰকাৰে খিলঞ্জীয়া মুছলমান বুলি কয় ধৰ্মৰ ভিত্তিত ভাগ কৰি এটা উপগোটত আৱদ্ধ কৰি পেলাইছে। গৰীয়া সকল পূৰ্বৰ পৰাই এক সুকীয়া ঐতিহাসিকভাৱে স্বীকৃত জনগোষ্ঠী আৰু কোনো বেলেগ জনগোষ্ঠীৰ উপগোট নহয়। গৰীয়াক অংগচ্ছেদ কৰি চৈয়দসকলক পৃথক স্বীকৃতি দিবলৈ চেষ্টা কৰি প্ৰকৃতাৰ্থত চৈয়দসকলক বিদেশীৰ বংশধৰ বুলি চৰকাৰে বুজাব খুজিছে যি নেকি চৈয়দসকলৰ ভৱিষ্যতৰ বাবে হিতকৰ নহয়। সেয়ে চৰকাৰৰ এই সিদ্ধান্তক পুনৰ বিবেচনাৰ বাবে অনুৰোধ জনাইছে সদৌ অসম গৰীয়া জাতীয় পৰিষদে।

লগতে পঢ়কঃঅসমৰ পাঁচটা জনগোষ্ঠীৰ লোকলৈ খিলঞ্জীয়া মুছলমানৰ স্বীকৃতি ৰাজ্য চৰকাৰৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,873 other subscribers

Leave a comment

Leave a Reply