শদিয়াঃ শদিয়াত আলফাৰ সৈতে জড়িত থকাৰ সন্দেহত আটক এজন। যুৱ-কংগ্ৰেছী নেতা জনাৰ্দন গগৈ আলফাত যোগদানৰ খবৰ লাভ কৰাৰ পাছতেই তৎপৰ হৈ পৰিছে অসম আৰক্ষী। জনাৰ্দন গগৈক আলফাত যোগদান কৰোৱাৰ সন্দেহত শিৱসাগৰ আৰক্ষীয়ে আটক কৰিছে এজন যুৱকক। আটকাধীন যুৱকজন শিৱসাগৰৰ বেতবাৰীৰ চেঙেলীবাৰীৰ স্বপ্নিল বৰপাত্ৰগোঁহাই বুলি জানিব পৰা গৈছে।

লগতে পঢ়কঃনৃশংস হত্যাকাণ্ডঃ হত্যা কৰি শৌচাগাৰৰ টেংকিত ভৰাই থ’লে মৃতদেহ

দেওবাৰে পুৱা জনাৰ্দন গগৈৰ নিজা ফেচবুক একাউণ্টৰপৰা পত্নীলৈ লিখা এখন চিঠি ৰাজহুৱা কৰাৰ পাছতেই যুৱ-কংগ্ৰেছী নেতাজনে আলফাত যোগদান কৰা খবৰটো নিশ্চিত হৈ পৰে।

উল্লেখ্য যে, আলফাৰ সন্দেহত পূৰ্বেও কেইবাবাৰো আৰক্ষীয়ে আটক কৰিছিল স্বপ্নিল বৰপাত্ৰগোঁহাইক। পিছে কোনো প্ৰমাণ পত্ৰ নথকাৰ বাবে আদালতে মুকলি কৰি দিছিল স্বপ্নিলক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply