ইষ্টম'জ' অসম
ইষ্টম'জ' অসম

শদিয়া- ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ কাইলৈ আবেলি সমাপ্ত হোৱালৈ চাই ৰাজ্যজুৰি প্ৰচাৰকাৰ্য তুংগত উঠিছে।

ইফালে নিৰ্বাচনকেন্দ্ৰিক সমস্যা সৃষ্টি হ’ব পৰা সকলো বিষয়ত প্ৰশাসন ব্যৱস্থাও কঠোৰ হৈ পৰিছে। শেহতীয়াকৈ শদিয়া সমষ্টিৰ অন্তৰ্গত ঢলাত ৯৮ কাৰ্টন অৰুণাচলী অবৈধ সুৰা জব্দ কৰিছে প্ৰশাসনে।

নিৰ্বাচন সময়ত বিলাবলৈ ভাৰতীয় জনতা পাৰ্টীৰ শদিয়া সমষ্টিটোৰ প্ৰাৰ্থী বলিন চেতিয়াই ৯৮ কাৰ্টন অৰুণাচলী অবৈধ সুৰা আনি গুডামত গোপনে ৰখাৰ অভিযোগ উত্থাপন কৰিছে ছৈখোৱা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে।

আৰু পঢ়কঃ ৰাইজৰ দলৰ প্ৰাৰ্থী দিলৱাৰা চৌধুৰীৰ বিৰুদ্ধে ডবকাত প্ৰতিবাদ

বিজেপিৰ কৰ্মী ৰাজু মেধিয়ে ভাৰাতীয়া গুডামত অৰুণাচলী অবৈধ সুৰা থকাৰ তথ্য লাভ কৰি প্ৰশাসনক অবগত কৰিছিল ছৈখোৱা যুৱ কংগ্ৰেছৰ কৰ্মীসকলে।

কংগ্ৰেছ কৰ্মীসকলৰ দাবী শদিয়া সমষ্টিত অশান্ত পৰিৱেশ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ চেষ্টা কৰিছে বিজেপি প্ৰাৰ্থী বলিন চেতিয়াই।

ঢলা আৰক্ষীয়ে অৰুণাচলী অবৈধ সুৰাখিনি জব্দ কৰি থানালৈ লৈ আহে।

আৰক্ষীয়ে বৰ্তমানলৈকে এই বিষয়ত তদন্ত কৰা বুলি কৈছে যদিও, এই তদন্ত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়া বুলি সন্দেহ প্ৰকাশ কৰিছে কংগ্ৰেছ কৰ্মীসকলে।

আৰু পঢ়কঃ অসম গণ পৰিষদৰ ইস্তেহাৰত নাই কা সম্পৰ্কে কোনো কথা

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply