নিউজ ডেস্কঃ মহানগৰীত সোমবাৰে সদৌ অসম আশাকৰ্মী সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে। গুৱাহাটীৰ চচলত সদৌ অসম আশাকৰ্মী সন্থাৰ উদ্যোগত বাক্সা আশাকৰ্মী সন্থাই এই ধৰ্মঘট কাৰ্যসূচী পালন কৰে। প্ৰায় ৫ শতাধিক আশাকৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

আগন্তুক বাজেট অধিবেশনত আশাকৰ্মীসকলক উপযুক্ত মজুৰি দিয়াৰ ব্যৱস্থা কৰক, আশাকৰ্মীসকলক স্থায়ীকৰণ কৰাৰ প্ৰস্তাৱটো কেন্দ্ৰীয় চৰকাৰলৈ অতিশীঘ্ৰেই প্ৰেৰণ কৰক, ৬০ উৰ্ধৰ আশাকৰ্মীসকলক পেঞ্চন দিয়াৰ ব্যৱস্থা কৰক দাবীৰে আজিৰ এই প্ৰতিবাদ সাব্যস্ত কৰে সদৌ অসম আশাকৰ্মী সন্থাই।

সাংবাদিকৰ আগত এগৰাকী আশাকৰ্মীয়ে কয়- ‘আজি দিন-ৰাতি একাকাৰ কৰি নিৰ্ধাৰিত সময়তকৈ অধিক সময় আমি কৰাৰ পাছত আমাক অপমান কৰাৰ অধিকাৰ ক’ত পালে? অসমৰ যি ৩৩ হাজাৰ আশাকৰ্মী আছে, তেওঁলোকক অপমান কৰাৰ বাবে ক্ষমা খোজক। এতিয়াৰ বিত্তমন্ত্ৰীগৰাকীক মেমৰেণ্ডামখন দিম। আমাক কিমান টকা দিয়ে আমি চাম। তেওঁ (অজন্তা নেওগ) এগৰাকী মন্ত্ৰী হৈ যদি নাজানে কোন বিভাগে কি কাম কৰে, তেন্তে তেওঁ চকীৰ পৰা নামি যাওঁক, পদত্যাক কৰক, আমাৰ ক’ব লগা নাই।’

সদৌ অসম আশাকৰ্মী সন্থাই প্ৰেৰণ কৰা স্মাৰক পত্ৰত উল্লেখ কৰিছে যে- ‘বিগত ১৬টা বছৰে ভলন্টিয়াৰ ৱাৰ্কাৰ হিচাপে ৰাখি জননী সুৰক্ষা যোজনা আঁচনিৰ উপৰিও স্বাস্থ্য বিভাৰ ১০০ শতাংশ কামৰ ৯০ শতাংশ কামেই আশাকৰ্মীৰ জৰিয়তে চলাই আছে। অসমৰ চুকে-কোণে সিঁচৰিত হৈ থকা ৩২,৯২৫গৰাকী আশাকৰ্মীক অসম চৰকাৰে শোষণ-নিৰ্যাতন কৰি আছে। উপযুক্ত মজুৰি নিদিয়াকৈ ৯০ শতাংশ কামৰ মুনাফা লৈ আছে।ত্যাগ আৰু নিষ্ঠাৰে কাম কৰাৰ পাছতো আজিলৈকে অসম চৰকাৰে উপযুক্ত মজুৰি দিব নোৱাৰাটো অতি দুখজনক কথা।’

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply