জামুগুৰিহাটঃ এবছৰৰ পিছত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ পৰা ধন লাভ কৰি উৎফুল্লিত শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ ধলাইবিল নিবাসী সাগৰ ৰায় নামৰ লোকজন। ২০২১ চনতে এটা ভয়াবহ অগ্নিকাণ্ডত ভস্মীভূত হৈছিল সাগৰ ৰায়ৰ বাসগৃহৰ লগতে একমাত্ৰ উপাৰ্জন ব্ৰয়লাৰ ফাৰ্মখন।
উপায়হীন হৈ সাগৰ ৰায় বিধায়ক পদ্ম হাজৰিকাৰ ওচৰ চাপে। বিধায়ক গৰাকীৰ নিৰ্দেশ মৰ্মে সাগৰ ৰায়ে ৰাজহ বিষয়াৰ কাৰ্যালয়ত ক্ষতিপূৰণ বিচাৰি আবেদন কৰিছিল যদিও কোনো সঁহাৰি লাভ কৰা নাছিল। অৱশেষত ধলাইবিল গাওঁ পঞ্চায়তৰ সভাপতি দিলীপ সেনাপতিৰ কাষ চাপি তেওঁৰ উপদেশ মৰ্মে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ তেওঁ এখন পত্ৰ প্ৰেৰণ কৰে। মুখ্যমন্ত্ৰী গৰাকীয়ে সাগৰ ৰায়ৰ পত্ৰৰ তৎকালীন সঁহাৰি জনাই জিলা উপায়ুক্তলৈ পত্ৰ প্ৰেৰণ কৰে।
অৱশেষত এবছৰৰ মূৰত মুখ্যমন্ত্ৰীৰ সাহাৰ্য পূঁজিৰ পৰা ৯৫ হাজাৰ ১০০ টকা লাভ কৰা বুলি সংবাদ মাধ্য়মক জনাইছে সাগৰে। মুখ্যমন্ত্ৰীৰ সাহাৰ্য পুঁজিৰ ধন লাভ কৰি উৎফুল্লিত হৈ পৰিছে সাগৰ ৰায় ৷ এই ধনৰ চেক লাভ কৰি সাগৰ ৰায়ে অসমৰ মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰাৰ লগতে দক্ষিণ মূঢ়াদল গাওঁ পঞ্চায়তৰ সভাপতি দিলীপ সেনাপতিকো ধন্যবাদ জ্ঞাপন কৰে।