গুৱাহাটীঃ বিশিষ্ট সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰীলৈ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।
”ইয়াত এখন অৰণ্য আছিল” নামৰ গ্ৰন্থখনৰ বাবে অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।
কিতাপখনৰ মূল বিষয়বস্তু আমচাং অৰণ্য আৰু উচ্ছেদ। আমচাং অৰণ্যৰ পৰা জনবসতিৰ উচ্ছেদৰ সামগ্ৰিক পৰিৱেশ সুন্দৰকৈ বৰ্ণিত হৈছে গ্ৰন্থখনত।
অনুৰাধা শৰ্মা পূজাৰীয়ে ২০০৩ চনত অসম সাহিত্য সভাৰ কুমাৰ কিশোৰ স্মৃতি সাহিত্য বঁটা লাভ কৰিছিল।
অসম সাহিত্য সভাই ২০০৩ চনত ‘চাহেবপুৰাৰ বৰষুণ’ উপন্যাসখনৰ বাবে শ্ৰেষ্ঠ ঔপন্যাসিকৰ বঁটা প্ৰদান কৰিছিল। ২০১৩ চনত ৰেনেছাঁ অসম বঁটা লাভ কৰিছিল অনুৰাধা শৰ্মা পূজাৰীয়ে।
লগতে পঢ়কঃডেৰ দশকৰ পাছতো কৰায়ত্ত নহ’ল ডিম্বেশ্বৰ গগৈৰ হত্যাকাৰী
সেইদৰে অভিজিৎ বৰালৈ যুৱ অকাদেমী বঁটা আগবঢ়োৱা হৈছে ।
মৃণাল কলিতালৈ “বকুল ফুলৰ দৰে” গ্ৰন্থৰ বাবে বাল(শিশু) সাহিত্য অকাডেমী বঁটা আগবঢ়োৱা হৈছে।
গৌতম দৈমাৰীলৈ বড়ো ভাষাৰ সাহিত্য অকাদেমি যুৱ বঁটা
গৌতম দৈমাৰীৰ ‘জিও গৌনাং সহ’ শীৰ্ষক কাব্যগ্ৰন্থৰ বাবে বড়ো ভাষাৰ সাহিত্য অকাদেমী যুৱ বঁটা আগবঢ়োৱা হৈছে।
মৗদায় গ’হইলৈ বড়ো ভাষাৰ সাহিত্য অকাদেমি বঁটা আগবঢ়োৱা হৈছে।
আনহাতে ৰত্নেশ্বৰ নাৰ্জাৰীলৈ বড়ো ভাষাৰ শিশু সাহিত্য অকাদেমি বঁটা আগবঢ়োৱা হৈছে।