গুৱাহাটীঃ ২০২১ বৰ্ষৰ সাহিত্য অকাডেমি বঁটা ঘোষণা। অসমৰ ড° পৰী হিলৈদাৰী, ড° ইন্দিৰা বড়ো আৰু ড° সঞ্জীৱ উপাধ্যায়লৈ আগবঢ়োৱা হৈছে সাহিত্য অকাডেমি বঁটা। সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা পৰী হিলৈদাৰীয়ে মামং দাইৰ The legends of pensam গ্ৰন্থৰ অসমীয়া অনুবাদ ” দাঁতি পাৰৰ মানুহ” শীৰ্ষক গ্ৰন্থৰ বাবে এই বিশেষ সন্মান লাভ কৰে।
বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ভাষাগুৰু ড° ইন্দিৰা বড়োই অনুবাদ সাহিত্যৰ বাবে বড়ো ভাষাত সাহিত্য অকাডেমী বঁটা লাভ কৰি সুনাম কঢ়িয়াই আনিছে৷ তেওঁ শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰয়াত অধ্যাপিকা ড° জয়ন্তী গগৈৰ “হিড়িম্বা” গ্ৰন্থ খন বড়ো ভাষালৈ অনুবাদ কৰিছিল ৷
আনহাতে, বিশিষ্ট সাহিত্যিক তথা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ড° সঞ্জীৱ উপাধ্যায়ে বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিৰ “পিতা-পুত্ৰ” উপন্যাসখন নেপালী ভাষাত অনুবাদ কৰি এই বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।