সাহিত্য একাডেমীৰ বঁটা ডা° অপূৰ্ব কুমাৰ শইকীয়ালৈ

নিউজ ডেস্ক: ২০২০ বৰ্ষৰ সাহিত্য একাডেমী বঁটা ঘোষণা কৰা হৈছে | এইবৰ্ষৰ এই সন্মান লাভ কৰিছে
ডা০ অপূৰ্ব কুমাৰ শইকীয়াই ।
বেংছতা নামৰ গল্প সংকলনৰ বাবে এই সন্মান লাভ কৰিছে ডা° শইকীয়াই ।
বৃত্তিত চিকিৎসক ডা° শইকীয়া ই এছ আই চি মৰ্ডাৰ্ণ হস্পিতাল খানাপাৰাৰ মুখ্য চিকিৎসক । আনহাতে
যুব একাডেমী বঁটা প্ৰদান কৰা হৈছে দ্বিজেন কুমাৰ দাসলৈ ।”মেঘ-ঘোঁৰা” কাব্য সংকলনৰ বাবে কবি দ্বিজেন কুমাৰ দাসলৈ ২০২০ বৰ্ষৰ যুৱ সাহিত্য একাডেমি বঁটা ৷ বড়ো ভাষাৰ সাহিত্য একাডেমী লাভ কৰিছে প্ৰয়াত ধৰণীধৰ বড়োৱে | সাহিত্য একাডেমীৰ ফালৰ পৰা প্ৰেছ বিবৃতিত এই কথা প্ৰকাশ কৰিছে | বঁটাত তামৰ ফলক, শ্বাল আৰু নগদ একলাখ টকা আগবঢ়োৱা হ’ব |

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,841 other subscribers

Leave a comment

Leave a Reply Cancel reply