তেজপুৰঃ দেশৰ অনাগত স্বাধীনতা দিৱস উপলক্ষে ভাৰত চৰকাৰৰ যুৱ কল্যাণ মন্ত্ৰালয়ৰ স্বীকৃতিপ্ৰাপ্ত ওড়িশাৰ কটক চহৰৰ যুৱ বিকাশ পৰিষদে আগবঢ়োৱা সন্মানীয় “সাহিত্য প্ৰেৰণা এৱাৰ্ড” লাভ কৰিবলৈ সক্ষম হৈছে শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ যুৱ লেখক, কবি সাংস্কৃতিক কৰ্মী, নাট্য সমালোচক হিমাংশু ৰণ্ জন ভূঞাই ৷

বিগত ২০০৬ চনৰ পৰাই অসমৰ বিভিন্ন কাকত আলোচনীত নিয়মীয়াকৈ লেখা মেলা কৰি অহা ভূঞাই “চিৰাজ দ্ৰৌপদী আৰু অন্যান্য গদ্য”, “মোৰ প্ৰেয়সীৰ বিয়া”, “জীয়াভৰলীৰ পলস”, “সাম্প্ৰতিক সময় প্ৰাসংগিক চিন্তা” শীৰ্ষক চাৰিখন গ্ৰন্থ প্ৰকাশ কৰিছে ৷

ভূঞাৰ অন্য এখন নতুন গ্ৰন্থ “বিষয় নাটক” অতি শীঘ্ৰে প্ৰকাশ পাব ৷ ইয়াৰোপৰি লক্ ডাউনৰ সময়চোৱাত যোৱা বৰ্ষৰ এপ্ৰিল মাহৰ পৰা তেওঁ সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে “এইচ্ স্কোৱেৰ – জামুগুৰিহাট” শীৰ্ষক এটি পেজ জন্ম দি নিৰৱিচ্ছিন্ন ভাৱে প্ৰতিদিনে গীত, নৃত্য কবিতা, ভাওনা সংস্কৃতি আদি সাংস্কৃতিক কাৰ্যসূচীৰে ৰাইজক এক সুস্থ আৰু ৰুচিসন্মত মনোৰঞ্জনৰ খোৰাক দি আহিছে ৷

এই পেজটিৰ জৰিয়তে ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ খ্যাত- অখ্যাত প্ৰায় আঠ শ ৰো অধিক ন – পুৰণি শিল্পী, আবৃত্তিকাৰ , কবিৰ লগতে , আমেৰিকা, নেপাল, মুম্বাই আদিত সুপ্ৰতিষ্ঠিত প্ৰবাসী অসমীয়া শিল্পীয়ে অংশগ্ৰহণ কৰিছে ৷

লগতে পঢ়কঃদেশে স্বাধীনতা লাভ কৰা ৭৫ বছৰ পিছতো উপেক্ষিত শ্বহীদ কমলা মিৰিৰ পৰিয়াল


উল্লেখযোগ্য যে, যোৱা কিছুদিন আগতে ভূঞাই “ইণ্ডিয়ান প্ৰাইড্ এৱাৰ্ড” আৰু “অতুল্য ভাৰতীয় গৌৰৱ এৱাৰ্ড” শীৰ্ষক আন এটি ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল ৷

একেদৰে বিগত ২০১৯ আৰু ২০২০ বৰ্ষতো হিমাংশু ৰণ্ জন ভূঞাই লাভ কৰিছিল “ইণ্ডিয়া ষ্টাৰ পেছন এৱাৰ্ড” আৰু “য়ুথ ষ্টাৰ এৱাৰ্ড” শীৰ্ষক আন দুটি ৰাষ্ট্ৰীয় বঁটা ৷

জামুগুৰিহাটৰ মাধৱ গাঁৱৰ অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক, সমাজকৰ্মী নলিনী ৰঞ্জন ভূঞা আৰু জুৰি ভূঞাৰ পুত্ৰ হিমাংশু ৰণ্ জন ভূঞা বৰ্তমান নদুৱাৰ শিক্ষাখণ্ডৰ নাগশংকৰ মণ্ডল সমল কেন্দ্ৰৰ সমন্বয়ক হিচাপে কৰ্মৰত হৈ আছে ৷

” সাহিত্য প্ৰেৰণা বঁটা” অসমৰ পৰা একমাত্ৰ হিমাংশু ৰণ্ জন ভূঞাই লাভ কৰিবলৈ সক্ষম হোৱাত উৎফুল্লিত হৈ পৰিছে পৰিয়ালৰ লগতে শুভাকাংক্ষী সকল ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply