গুৱাহাটীঃ অসম সাহিত্য সভাৰ কৰ্মচাৰীৰ প্ৰতিবাদ।
সাহিত্য সভাৰ কাৰ্যালয়ত তলা লগাই সোমবাৰে প্ৰতিবাদত বহিল কৰ্মচাৰী সকল।
বিগত চাৰি মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে কৰ্মচাৰী সকল।
আনকি কৰ্মচাৰী সকলৰ পি এফ আৰু ই এছ আই চিৰ পইচায়ো মুকলাই নিদিয়াৰ অভিযোগ প্ৰতিবাদকাৰী কৰ্মচাৰী সকলৰ।
লগতে পঢ়কঃগণৰাজ্য দিৱস পালনৰ উদ্দেশ্যে চৰাইদেউ জিলাৰ উপায়ুক্ত কাৰ্য্যালয়ত বৈঠক
সাহিত্য সভাৰ কৰ্মচাৰী সকলৰ সন্থা কৰ্মচাৰী কল্যাণ সমিতিৰ তৰফৰ পৰা দৰমহা বিচাৰি সাহিত্য সভাৰ সভাপতিক দুবাৰকৈ স্মাৰক পত্ৰ প্ৰদান কৰা হৈছিল যদিও এই ক্ষেত্ৰত সভাপতিয়ে ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন হৈছে।
আজিৰ পৰা দুদিনীয়া কাৰ্যসূচীৰে এই প্ৰতিবাদ আৰম্ভ হৈছে যদিও তেওঁলোকৰ দৰমহা মুকলাই নিদিলে অনিৰ্দিষ্ট কাললৈ প্ৰতিবাদ চলাৰ সম্ভাৱনা বুলি হুংকাৰ দিয়ে কৰ্মচাৰীসকলে।