গুৱাহাটী : জামিন লাভ কৰিলে ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানে। দুৰ্নীতিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল ধুবুৰীৰ।প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমান। ৯০ দিনত চাৰ্জশ্বীট দিয়াত ব্যৰ্থ মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চ!

আয়তকৈ অধিক সম্পত্তিৰ থকা ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানক ২৪ আগষ্টত মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে গ্ৰেপ্তাৰ কৰিছিল। আজি ছাইবুৰ ৰহমানৰ গ্ৰেপ্তাৰ হোৱাৰ ৯০ দিনৰ সীমা উকলিল যদিও আদালতত এইপৰ্যন্ত চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰিলে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চে।

অসম আৰক্ষীৰ ব্যৰ্থতাৰ বাবেই জামিন লাভ কৰিলে ছাইবুৰ ৰহমানে। সময়মতে আৰক্ষীয়ে
চাৰ্জশ্বীট দাখিল কৰিব নোৱাৰাৰ বাবে ছাইবুৰ ৰহমানৰ জামিন মঞ্জুৰ হয়। বিশেষ ন্যায়াধীশৰ আদালতে মঞ্জুৰ কৰে ছাইবুৰ ৰহমানৰ জামিন।

লগতে পঢ়ক :  দহ চকীয়া ট্ৰাক দলঙৰ ৰেলিং ভাঙি নদীত পৰিছিল

ধুবুৰীৰ প্ৰাক্তন অতিৰিক্ত উপায়ুক্ত ছাইবুৰ ৰহমানৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ভিজিলেঞ্চৰ ৩/২০২১ নম্বৰত গোচৰ ৰুজু কৰিছিল। এই গোচৰত জামিন লাভ কৰিলে ছাইবুৰ ৰহমানে। ছাইবুৰ ৰহমানৰ ৮৯ ঠাইত মাটি-সম্পত্তিৰ তথ্য পাইছিল মুখ্যমন্ত্ৰীৰ ভিজিলেন্সে। ১০০ কোটিতকৈ অধিক আয় বহিৰ্ভূত সম্পত্তি থকাৰ অভিযোগ ছাইবুৰ ৰহমানৰ বিৰুদ্ধে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply