বৰ্ষীয়ান গান্ধীবাদী নেত্ৰী শকুন্তলা চৌধাৰীৰ দেহাৱসান। ওৰেটো জীৱন সেৱাতে নিজকে সমৰ্পন কৰি দিয়া শকুন্তলা চৌধুৰীয়ে দেওবাৰে নিশা প্ৰায় ১০.৩০ বজাত মহানগৰীৰ উলুৱাৰীস্থিত কস্তুৰৱা আশ্ৰমত মৃত্যুক সাৱটি লয়।

১৯৪৬ চনত গান্ধীজী অসম ভ্ৰমন কালত উলুৱাৰীলৈ অহাৰ সময়ত শৰণীয়া পাহাৰৰ টিলাত তেওঁৰ ইচ্ছাতেই এখ পূৰ্ণকুটিৰ সজা হৈছিল। তাতেই গ্ৰাম সেৱিকা বিদ্যালয়ৰ আৰম্ভ কৰি গান্ধীবাদী অমলপ্ৰভা দাসক পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল।সেই সময়তে অমলপ্ৰভা দাসে বিচাৰি উলিয়াছিল শকুন্তলা চৌধাৰীক।

ভৰ যৌৱনতে শকুন্তলা চৌধাৰী নিজকে সমৰ্পন কৰিছিল সমাজ সেৱাৰ নামত আৰু জড়িত হৈছি আশ্ৰমৰ সৈতে।পিছলৈ কস্তুৰৱা গান্ধী ৰাষ্ট্ৰীয় স্মাৰক ট্ৰাষ্টৰ প্ৰতিনিধি হিচাপে নিযুক্তি দিছিল। ৭ টা দশক জড়িত হৈ কামৰ পৰা অব্যাহতি লৈছিল যদিও ট্ৰাষ্টৰ সদস্য সকলে তেওঁৰ পৰামৰ্শদাতা হিচাবেই গ্ৰহণ কৰিছিল।


চলিত বৰ্ষত ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰীৰে বিভূষিক কৰা হৈছিল। সোমবাৰে নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন হ’ব শকুন্তলা চৌধাৰীৰ। পুৱাই সমাজ সেৱিকা গৰাকীক শেষ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰিবলৈ কস্তুৰৱা আশ্ৰমত উপস্থিত হয় অসংখ্য গুণমুদ্ধ।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তইও আশ্ৰমত উপস্থিত হৈ চৌধাৰীকৰাজ্য চৰকাৰৰ হৈ শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰে। ৰাজ্য চৰকাৰে ৰাজ্যিক মৰ্যদাৰে শকুন্তলা চৌধাৰীৰ শেষকৃত সম্পন্ন কৰাৰ ব্যবস্থা কৰিছে।

লগতে পঢ়ক- শিৱসাগৰ পৌৰসভাত বিজেপিৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ ঘৰে ঘৰে প্ৰচাৰ

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply