ডবকাৰ বনাঞ্চলৰ শালবাগানৰ শালগছবোৰ কাটিবলৈ যোজা চলোৱাক লৈ আমছুৰ প্ৰতিবাদ।
বনাঞ্চলক সুৰক্ষা দিয়াৰ স্বাৰ্থত গছত প্লে-কাৰ্ড আৰি সাব্যস্ত কৰে প্ৰতিবাদ।
প্ৰতিবাদৰ জৰিয়তে বিভিন্ন শ্ল-গান আমছুৰ।
অতি শীঘ্ৰেই চাৰিলেন যুক্ত পথটো নিৰ্মাণৰ নামত গছবোৰ ধ্বংস কৰিবৰ বাবে বন বিভাগে ইতিমধ্যে গছসমূহ মাৰ্কিং কৰিছে ।
বনাঞ্চলৰ মাজেৰে ডবকা ডিফু সংযোগী ৰাষ্ট্ৰীয় ঘাইপথটোত নিৰ্মাণ হবলৈ গৈ আছে চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ।
ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে এই সিদ্ধান্ত গ্ৰহণ কৰাৰ পাছতে দল সংগঠনৰ লগত জাঙুৰ খাই উঠিছে স্থানীয় লোক।
চাৰিলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো বনাঞ্চলৰ মাজেৰে নিৰ্মাণ নকৰি যমুনা নদীৰ পাৰে-পাৰে নিৰ্মাণ কৰিবলৈ দাবী উত্থাপন কৰে।
উল্লেযোগ্য যে কিছুদিন পূৰ্বে আমছুৱে বনমন্ত্ৰী পৰিমল শুক্লৱৈদ্যৰ লগত এই বিষয়ে আলোচনাত মিলিত হৈ স্মাৰক পত্ৰ প্ৰদান কৰে।
অৱশ্যে দল সংগঠন স্থানীয় লোকে বাৰম্বাৰ দাবী উত্থাপন কৰাৰ পাছত বিভাগীয় কৰ্তৃপক্ষই এই বিষয়ক লৈ কোনো গুৰুত্ব দিয়া নাই।
লগতে পঢ়ক- চাৰিলেন যুক্ত পথ নিৰ্মাৰ্ণৰ নামত ৫০০০ জোপা শাল গছ ক’ত কাটিবলৈ ওলাইছে অসম চৰকাৰ