নলবাৰী জিলাত অনিৰ্দিষ্ট কাললৈ বন্ধ থাকিব ইউৰিয়া সাৰৰ বিক্ৰী বন্ধ কৰাৰ সিদ্ধান্ত লৈছে ব্যবসায়ীসকলে। নলবাৰী জিলা খুচুৰা সাৰ বিক্ৰী সন্থাই জিলাখনৰ সকলো সাৰৰ দোকান বন্ধৰ কথা ঘোষণা কৰিছে ।

এই সিদ্ধান্ত লোৱাৰ পিছত জিলাখনৰ কৃষকৰ মাজত হাহাকাৰ লাগিছে । ব্যবসায়ী সকলে চৰকাৰী নিৰ্ধাৰিত মূল্য ২৬৬ টকাত প্ৰতি বেগ সাৰ বিক্ৰী কৰিব নোৱাৰাৰ বাবে জিলাখনত অনিৰ্দিষ্ট কাললৈ সাৰৰ দোকান বন্ধৰ ৰখাৰ সিদ্ধান্ত লৈছে ।

তেওলোকে ৩২০/৩০টকা মূল্যত সাৰ ক্ৰয় কৰি চৰকাৰে নিৰ্ধাৰণ কৰা মূল্যতকৈ কম দামত বিক্ৰী কৰিব লগা হোৱাৰ বাবেই এই সিদ্ধান্ত ল’বলৈ বাধ্য হৈছে বুলি জানিবলৈ দিয়ে।

সাৰৰ ক্ৰয়-বিক্ৰীৰ বাবে উচিত মূল্য নিৰ্ধাৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনাই অনিৰ্দিষ্ট কাললৈ সাৰৰ দোকান বন্ধৰে প্ৰতিবাদ সাব্যস্ত কৰিছে খুচুৰা সাৰ বিক্ৰী সন্থাই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,219 other subscribers

Leave a comment

Leave a Reply