গুৱাহাটীঃ ৰাজীৱ ভৱনত নিখিল ভাৰত কংগ্ৰেছ কমিটীৰ নেতা, কংগ্ৰেছ ৱৰ্কিং কমিটীৰ সদস্য তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ছলমান ছলমান খুৰ্ছিদৰ সংবাদমেল। কেন্দ্ৰীয় আৰু ৰাজ্যৰ বিজেপি চৰকাৰকখনক তীব্ৰ সমালোচনা কৰে প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। মূল্যবৃদ্ধি ৰোধ কৰাত বিজেপি চৰকাৰখন সম্পূৰ্ণ ব্যৰ্থ হোৱা বুলি মন্তব্য প্ৰকাশ কৰি ছলমান ছলমান খুৰ্ছিদে কয় যে বিজেপিয়ে মূল্যবৃদ্ধিৰ আলোচনাৰ পৰা আঁতৰি থাকিবলৈ দেশত বিভিন্ন ধৰণৰ বিভাজন আৰম্ভ কৰিছে।

ছলমান ছলমান খুৰ্ছিদে অসম এনকাউণ্টাৰ সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয় যে ইউক্ৰেইনত যিদৰে মানৱ অধিকাৰ ভংগ হৈছে ঠিক তেনে দৰে অসমত সংঘটিত হৈ থকা এনকাউণ্টাৰে মানৱ আধিকাৰ ভংগ কৰিছে। ইফালে ২০২৪ৰ লোকসভা নিৰ্বাচন সন্দৰ্ভত কংগ্ৰেছ নেতা গৰাকীয়ে সকলো বিৰোধী দল সমূহক একত্ৰিত হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ আহ্বান জনায়। 

শনিবাৰে পুৱা গুৱাহাটী উপস্থিত হয় কংগ্ৰেছ নেতাগৰাকী। বিমান বন্দৰত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ তৰফৰ পৰা ৰাম প্ৰসাদ শৰ্মা, নৃপেন ঠাকুৰীয়া, গোলাপ শইকীয়া, বালিকা লাহন পেগু আৰু মনজিৎ মহন্তই কংগ্ৰেছ নেতা গৰাকীক বিপুল আদৰণি জনায়।

লগতে পঢ়কঃপ্ৰাথমিকত আবেদন কৰিব নোৱাৰিব মাদ্ৰাছা টেট উত্তীৰ্ণই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply