গুৱাহাটী : অসমীয়া ছবিৰ পৰিচালক শম্ভু গুপ্তা আৰু নাই। কোৰোনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছিল পৰিচালকগৰাকী। দেওবাৰে নিশা ১০.৫০ বজাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮০ বছৰ।
কোৰোনাত আক্ৰান্ত হোৱাৰ পিছত যোৱা ৮ মে’ত তেওঁক এপ’ল’ হাস্পাতালত ভৰ্তি কৰোৱা হৈছিল যদিও অৱস্থাৰ অৱনতি ঘটাত ১০ মে’ত তেওঁক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছিল। কিন্তু আজি তেওঁ শেষ নিঃশ্বাস ত্যাগ কৰে।
মৃত্যুৰ পিছতো পৰিয়ালটোৰ বাবে আটাইতকৈ দুখৰ সময়তো যেন আজি কোনো ওচৰ চাপিব পৰা নাই।
শম্ভু গুপ্তাৰ পুত্ৰ নিলয় গুপ্তাও কোৰোনা পজিটিভ হোৱাৰ পিছত তেওঁ বৰ্তমান হোম আইচ’লেছনত আছে। আনহাতে নিলয়ৰ ভনীয়েক পূবালীক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ ক’ভিড হাস্পাতালৰ আই চি ইউত ভৰ্তি কৰোৱা হৈছে। আনহাতে, নিলয়ৰ মোমায়েকো কোৰোনাত আক্ৰান্ত হৈ বৰ্তমান এই হাস্পাতালতেই চিকিৎসাধীন হৈ আছে।
এই চাৰিজনেই হৈছে তেওঁলোকৰ পৰিয়াল। এতিয়া পৰিস্থিতি এনেকুৱা হৈছে যে শম্ভু গুপ্তাৰ মৃতদেহ গ্ৰহণ কৰিবলৈকো পৰিয়ালৰ কোনো এজনেই সুস্থ অৱস্থাত নাই। দেবী, প্ৰেম আৰু প্ৰেম নামৰ ছবিৰ পৰিচালক আছিল শম্ভু গুপ্তা।