নিউজ ডেস্কঃ অসম মেঘালয়ৰ মাজত দীৰ্ঘ দিনৰ পৰা চলি থকা সীমা বিবাদৰ সমাধানৰ বাবে দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে চলাই যোৱা আলোচনাৰ অগ্ৰগতিৰ খাতিয়ান দেশৰ গৃহমন্ত্ৰীক অবগত কৰিছে। এই সময়তে আছুৰ ফালৰ পৰা চৰকাৰক জনোৱা হৈছে
মেঘালয়ৰ সৈতে বিবদমান সীমান্তলৈ যাব অসম ছাত্ৰ সন্থাসহ পাঁচটাকৈ ছাত্ৰ সংগঠন। সদৌ অসম ছাত্ৰ সন্থাসহ এই পাঁচটা সংগঠনে অসম-মেঘালয় সীমান্ত পৰিদৰ্শন কৰি স্থানীয় বাসিন্দাৰ মতামত গ্ৰহণ কৰিহে সদৌ অসম ছাত্ৰ সন্থাই নিজৰ মতামত প্ৰকাশ কৰিব। এই কথা জানিবলৈ দিয়ে আছুৰ মুখ্য উপদেষ্টা সমুজ্জল কুমাৰ ভট্টাচাৰ্যই।
সদৌ অসম ছাত্ৰ সন্থাই অসম-মেঘালয়ৰ সীমা কেন্দ্ৰিক সমস্যাৰ স্থায়ী সমাধান হোৱাটো বিচাৰে। দুয়োখন ৰাজ্যৰ মাজত চলি থকা সীমা সমস্যাৰ সমাধানৰ বাবে চৰকাৰে গ্ৰহণ কৰা সিদ্ধান্তক আদৰনী জনাইছে সদৌ অসম ছাত্ৰ সন্থাই।
অসম আৰু মেঘালয়ৰ মাজৰ ১২ টা বিবাদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ বাবে চৰকাৰে সিদ্ধান্ত লৈছে। কিন্তু প্ৰথম অৱস্থাত ৬ টাকৈ স্থানৰ সমস্যা সমাধান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে দুয়োখন ৰাজ্যই।
লগতে পঢ়কঃসোণাৰিৰ নামতোলাত ড্ৰাগছ সহ আটক দুই যুৱক
সদৌ অসম ছাত্ৰ সন্থা আৰু অন্য ৫ টা ছাত্ৰ সংগঠনে এই ৬ টা স্থান পৰিদৰ্শন কৰি অঞ্চল কেইটাৰ স্থানীয় ৰাইজৰ লগত মত-বিনিময় কৰি তেওঁলোকৰ মতামত গ্ৰহণ কৰিহে নিজৰ মত প্ৰকাশ কৰিব।
সিদ্ধান্তৰ পাছত বিধানসভাত বিষয়টো পাৰিত হ’ব লাগিব। তাৰ পিছতহে চূড়ান্ত সিদ্ধান্ত ল’ব পাৰিব চৰকাৰে।
সদৌ অসম ছাত্ৰ সন্থাই অসম- মেঘালয়ৰ লগতে অন্যান্য ৰাজ্য সমূহৰ লগত থকা সীমা বিবাদৰ সমাধান বিচাৰিছে।