নিউজ ডেস্ক: ছ’চিয়েল মিডিয়াত অসমৰ জাতীয় সংগীত পৰিৱেশন কৰি ভাইৰেল হৈ পৰিল এগৰাকী কণমানী। হাফলঙৰ ভিতৰুৱা অঞ্চলৰ এইগৰাকী কণমানি কল্মাওজ’ মাৰৰ কন্ঠত ‘অ’ মোৰ আপোনাৰ দেশ’ ইউটিউবত আপলোড কৰাৰ পাছতেই ভিডিঅ’টো জনপ্ৰিয় হৈ পৰিছে ছ’চিয়েল মিডিয়াত।
ভিডিঅ’টোত ছবছৰীয়া কল্মাওজ’য়ে সম্পূৰ্ণ জাতীয় সাজ-পাৰ পৰিধান কৰি পৰিৱেশন কৰিছে অসমৰ জাতীয় সংগীত। মঙলবাৰে ভিডিঅ’টো পোষ্ট কৰি কেপচনত বিভিন্ন ঐতিহ্য-পৰম্পৰাৰে সমৃদ্ধ অসমৰ চহকী সংস্কৃতিৰ কথা উল্লেখ কৰে কল্মাওজ’ মাৰে।
কণমানীজনীৰ কণ্ঠত জাতীয় সংগীত শুনাৰ পাছতেই ছ’চিয়েল মিডিয়াত প্ৰশংসাৰে উপচাই পেলাইছে অসমবাসীয়ে।
ডিমা হাচাও জিলাৰ হাফলঙৰ এইগৰাকী কণমানীৰ প্ৰতিভাৰ প্ৰশংসা কৰাৰ লগতে টুইটাৰত কণমানীজনীৰ ভিডিঅ’টো শ্বেয়াৰ কৰে আছুৰ মুখ্য উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই। লগতে, কণমানীজনীৰ অহা পাঁচ বছৰৰ পঢ়া-শুনাৰ যাৱতীয় খৰচৰ দায়িত্ব লোৱা হ’ব বুলিও উল্লেখ কৰে আছুৰ মুখ্য উপদেষ্টাগৰাকীয়ে।
ইতিমধ্যে, ইউটিউবত প্ৰায় সহস্ৰাধিক দৰ্শকে চাইছে ভিডিঅ’টো। উল্লেখ্য যে ইয়াৰ পূৰ্বেও ‘কেশৰী’ ছবিৰ ‘তেৰী মিট্টি’ গীতটি পৰিৱেশন কৰিও অশেষ জনপ্ৰিয়তা লাভ কৰিছিল কল্মাওজ’ মাৰ নামৰ হাফলঙৰ এইগৰাকী কণমানীয়ে।