কলগাছিয়া : কলগাছিয়াৰ বিভিন্ন প্ৰান্তত বালি মাফিয়াৰ দপদপনি। অবৈধ বালি খননেৰে বালি মাফিয়াই চলাইছে ৰমৰমীয়া ব্যবসায়। কাউৰজাহি প্ৰাথমিক বিদ্যালয়ৰ নিচেই কাষৰ পৰাই বালি মাফিয়াই চলাইছে বালিৰ অবৈধ খনন কাৰ্য। ৰহস্যজনকভাৱে নিৰব বৰপেটা ৰোড বন সংমণ্ডল বিভাগ।

বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ অন্তৰ্গত কাউৰজাহি, মুৱামাৰী আৰু আমগুৰি গাঁৱত অব্যাহত থকা অবৈধ বালি খনন কাৰ্যই কাউৰজাহি প্ৰাথমিক বিদ্যালয়ৰ লগতে ২য় ৰাজ্যিক ঘাইপথলৈ কঢ়িয়াই আনিছে তীব্ৰ ভাবুকি। ৰাজ্যৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ বন বিভাগৰ বৰপেটা ৰোড সংমণ্ডলৰ আশীৰ্বাদত এই খনন কাৰ্য চলিছে বুলি সচেতন ৰাইজৰ লগতে আমছুৰ নেতা-কৰ্মীয়ে অভিযোগ উত্থাপন কৰিছে।

এই অবৈধ বালি খনন কাৰ্যৰ লগত জড়িত বালি মাফিয়া কাউৰজাহি প্ৰাথমিক বিদ্যালৰ শিক্ষক ফৰমান আলী আৰু কুনচুম বুলি অভিযোগ উত্থাপন কৰিছে আমছুৰ নেতা-কৰ্মীয়ে। আনহাতে মুৱামাৰী গাঁৱত আব্দুৰ বাৰেক আৰু আমগুৰি গাঁৱত আনোৱাৰ হুছেইনে দিনে-নিশাই বালি খনন চলাই থাকৰ ফলত কাউৰজাহি, বলাইপাথাৰ, খাৰবাল্লী, শওঁপুৰ, কালামপুৰ, আদি গাঁৱলৈ অশনি সংকেত কঢ়িয়াই আনিছে বুলিও জানিবলৈ দিয়ে আমছুৰ নেতা-কৰ্মীয়ে।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমছুৰ নেতা-কৰ্মীয়ে অতি শীঘ্ৰেই এই অবৈধ বালি খনন কাৰ্য বন্ধ কৰিবলৈ আহ্বান জনাইছে। অন্যথা আমছুৱে বৰপেটা ৰোড বন সংমণ্ডলৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰিছে। অৱশ্যে এই খনন কাৰ্যৰ বিৰুদ্ধে বিভিন্ন সময়ত বাতৰি পৰিবেশন হৈ আহিছে যদিও বাতৰিলৈ কোনো ভ্ৰূক্ষেপ নকৰে অবৈধ বালি মাফিয়া সকলে।

লগতে পঢ়ক :  এমট্ৰ’নত বৃত্তিয় খেলিমেলি, গাণনিক গ্ৰেপ্তাৰ

ইয়াতে প্ৰশ্ন হয় যে ৰাজ্যৰ বিজেপি চৰকাৰৰ বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ জ্ঞাতে চলিছে নেকি এই অবৈধ বালি খনন কাৰ্য। যদি পৰিমল শুক্লবৈদ্যৰ বন বিভাগ এই বালি খনন কাৰ্যৰ লগত জড়িত নহয় তেন্তে বৰপেটা সংমণ্ডলে কিয় এই অবৈধ খনন কাৰ্য বন্ধ কৰিবলৈ যত্ন কৰা নাই বুলিও অভিযোগকাৰী সকলে প্ৰশ্ন কৰিছে। এই ক্ষেত্ৰত পৰবৰ্তী সময়ত চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়াই হ’ব লক্ষণীয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply