মৰাণ: ডিব্ৰুগড় জিলা খোৱাঙৰ দীঘলীয়া হোলাত অবৈধ বালি মহলত খনন চলাই থকা অবৈধ কাৰ্য চলাই থকা সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজহ মন্ত্ৰী যোগেন মহনে ।
মৰাণত মন্ত্ৰীজনে কয়, ” কৰ ফাঁকি দি কোনেও অবৈধ বালি মহল চলাব নোৱাৰিব । ইয়াৰ বাবে সম্পূৰ্ণ কতৃত্ব বন বিভাগ আৰু জিলা উপায়ুক্তক দিয়া হৈছে । তেওঁলোকে সম্পূৰ্ণ তদাৰক কৰিব লাগিব ।” মন্ত্ৰীজনে লগতে কয় যে বালি আমাৰ সম্পদ হয় । ইয়াক বৈধ কৰি কৰ যাতে চৰকাৰৰ ওচৰলৈ যায় তাৰ ব্যৱস্থা জিলা উপায়ুক্তই কৰিব লাগিব ।
উল্লেখযোগ্য যে খোৱাঙৰে দুজনমান ব্যক্তিয়ে এক প্ৰকাৰৰ গুণ্ডাৰাজ চলাই বুঢ়ীদিহিং নদীৰ দীঘলীয়া হোলাত এই অবৈধ বালি খনন চলাই ৰাখিছে । প্ৰশাসন, বন কৰ্মী কাকো কেৰেপ নকৰি বালি মাফিয়া কেইজনে নিৰ্বিবাদে চলাই গৈছে এই খনন । বন বিভাগে মাজে মাজে অভিযান চলাই দুই-এখন বাহন জব্দ কৰে যদিও অবৈধ মহলটো বন্ধ কৰিবলৈ সক্ষম হোৱা নাই ।