গুৱাহাটী : সন্ধানহীন হৈ থকা মহানগৰী গুৱাহাটীৰ অভিজাত ব্যৱসায়ীক প্ৰতিষ্ঠান শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ অৱশেষত সন্ধন ওলাল। উত্তৰ প্ৰদেশৰ বাৰাণসীত সন্দীপ জালানৰ সন্ধন পোৱা গৈছে। জানিব পৰা মতে বাৰাণসীৰ এটা মন্দিৰত শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালান আশ্ৰয় লৈ আছিল।
বিগত দুদিন ধৰি সন্ধানহীন হৈ থকা শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানৰ সন্ধানত অসম আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ লগত যোগাযোগ কৰিছিল।অৱশেষত উত্তৰ প্ৰদেশ আৰক্ষীয়ে বাৰাণসীৰ এটা মন্দিৰত সন্দীপ জালানৰ সন্ধানত লাভ কৰে। অতি শীঘ্ৰে শ্ব’হমৰ স্বত্বাধিকাৰী সন্দীপ জালানক অসমলৈ অনা হ’ব বুলি জানিব পৰা গৈছে।
আৰু পঢ়কঃ বিগত ৩০ বছৰে মুকলি নহ’ল ৰহাৰ চাংচকীৰ ১৫ খন বিচনাযুক্ত চিকিৎসালয়খন
উল্লেখ্য যে সন্দীপ জালান মঙলবাৰ সন্ধিয়াৰে পৰা সন্ধানহীন হৈ আছিল। সন্ধিয়া প্ৰায় ৭ বজাত ইভিনিং ৱাকৰ বাবে ওলাই যোৱাৰ পিছৰে পৰা সন্ধানহীন হৈ আছিল সন্দীপ জালান। অৱশ্যে সন্দীপ জালান কিয় আৰু কেনেকৈ উত্তৰ প্ৰদেশলৈ গ’ল এই সম্পৰ্কে বৰ্তমানলৈকে কোনো তথ্য লাভ কৰিব পৰা নাই।