নিউজ ডেস্কঃ সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত হৈছে অসমৰ ৭ গৰাকী শিল্পী। অসমবাসীক গৌৰৱান্বিত কৰি ৰাজ্যখনৰ ৭ গৰাকী শিল্পী বিভিন্ন শিতানত ২০১৯-২০ আৰু ২০২১ বৰ্ষৰ এই বঁটাৰ বাবে হৈছে নিৰ্বাচিত।

অংকীয়া ভাওনা, লোক সংগীত আৰু নৃত্যা, সত্ৰীয়া নৃত্য, ব্যাস ওজাপালি, সত্ৰীয়া ওজাপালি, ব্যাস কীৰ্তন, হিন্দুস্তানী বাদ্যযন্ত্ৰীৰ শিল্পী কেইগৰাকী নিৰ্বাচিত হৈছে এই বঁটাৰ বাবে।

সংগীত নাটক অকাডেমী বঁটাৰ বাবে নিৰ্বাচিত শিল্পী সকল ক্ৰমে- গুণীন্দ্ৰ নাথ ওজা (অংকীয়া ভাওনা), প্ৰসন্ন গগৈ (লোক সংগীত আৰু নৃত্য), হৰি বৰা ভূঞা (সত্ৰীয়া নৃত্য), ধৰ্মেশ্বৰ নাথ ওজা (ব্যাস ওজাপালি), গুৰু প্ৰসাদ ওজা (সত্ৰীয়া ওজাপালি, ব্যাস কীৰ্ত্তন), মিনতি খাউণ্ড (হিন্দুস্তানী বাদ্যযন্ত্ৰী, ভায়োলিন) আৰু মাখন চন্দ্ৰ বড়া (লোক সংগীত আৰু নৃত্য)। 

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply