নিউজ ডেস্ক- ধেমাজিৰ পানবাৰীত অৰুণাচলী দুৰ্বৃত্তৰ গুলীচালনাত নিহত হৈছে বগা চুতীয়া আৰু মণিটো গগৈ নামৰ দুজন যুৱক। গুলীচালনাত আহত দুজনক ভৰ্তি কৰা হয় ধেমাজি অসামৰিক চিকিৎসালয়ত। নিশা চিকিৎসালয়ত আহত সকলৰ ওচৰত উপস্থিত জিলাখনৰ অভিভাৱক মন্ত্ৰী সঞ্জয় কিষাণ।

মন্ত্ৰী সঞ্জয় কিষাণৰ লগতে জিলা উপায়ুক্ত অংকুৰ ভৰালী আৰু আৰক্ষী অধীক্ষক ৰঞ্জন ভূঞা তথা অৰুণাচলৰ নামনি চিয়াং জিলাৰ উপায়ুক্তৰ সৈতে বিতং আলোচনাত মিলিত হয়। এই সময়ছোৱাত তেওঁলোকৰ সৈতে ধেমাজি জিলা বিজেপিৰ সভাপতি প্ৰেম দত্ত ডাঙৰীয়াৰ লগতে গন্য মান্য ব্যক্তি উপস্থিত থাকে।

ইফালে, মন্ত্ৰীগৰাকী উপস্থিত হোৱাৰ পাছতে এগৰাকী আহত লোকৰ কন্যাই কান্দি কান্দি ক’লে- ‘মোৰ দাদা ঢুকাইছে। এফালে দেউতা হাস্পতালত আছে আনফালে দাদাৰ সৎকাৰ কৰিব লাগে। মই এতিয়া কি কৰিম?’

আনহাতে, চিকিৎসালয়ত উপস্থিত হৈ ধেমাজিৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে এয়া অতি দুখজনক ঘটনা বুলি উল্লেখ কৰি কয় যে- এই ঘটনাৰ মূল কালপ্ৰিটক শীঘ্ৰেই গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীক গতাই দিবলৈ অৰুণাচলৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকৰ সৈতে আলোচনা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply