গুৱাহাটী : বেলুন চাইনুপ্লাষ্টী পদ্ধতিৰে সেৱা আগবঢ়োৱা উত্তৰ-পূব ভাৰতৰ প্ৰথম হাস্পতাল সঞ্জীৱনী হাস্পতাল, গুৱাহাটী। সঞ্জীৱনী হাস্পতাল গুৱাহাটীৰ মালিগাঁৱত অৱস্থিত এখন হাস্পতাল য’ত উত্তৰ-পূব ভাৰতৰ প্ৰথম বেলুন চাইনুপ্লাষ্টী পদ্ধতিৰে সেৱা আগবঢ়ায় থকা হৈছে।

বেলুন চাইনুপ্লাষ্টী পদ্ধতি হৈছে এনে এটা পদ্ধতি যাৰ জৰিয়তে বন্ধ হৈ পৰা চাইনাচৰ অস্ত্ৰপ্ৰচাৰ কৰা হয়। যিসকলৰ ৰোগীৰ দেহত চাইনোচাইটিচৰ লক্ষণ ধৰা পৰে আৰু ঔষধেৰে নিয়ন্ত্ৰণ নহয় তেতিয়া অস্ত্ৰপ্ৰচাৰ কৰিব লগা হয়। সঞ্জীৱনী হাস্পাতালত এই অস্ত্ৰপ্ৰচাৰ কৰা হয় ড° অভিনৱা ঘোষ আৰু ড° ভবেন চৌধুৰীৰ দ্বাৰা।

লগতে পঢ়ক : কঠীয়াতলী ৰাংঢালী গোষ্ঠীৰ সৌজন্যত সম্বৰ্ধনা অনুষ্ঠান

ড° ভবেন চৌধুৰীয়ে (পৰিচালন সঞ্চালক) কয়, “আমি সুখী হৈছোঁ কিয়নো সমগ্ৰ উত্তৰ-পূব ভাৰতৰ ভিতৰতে সফলতাৰে বেলুন চাইনুপ্লাষ্টী সম্পন্ন কৰা আমিয়েই প্ৰথম। ম‌ই নিশ্চিত এইটোৱে মেডিকেল জগতত বিপ্লৱৰ সৃষ্টি কৰিব।”

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply