গুৱাহাটী: ভাৰতৰ অন্যতম আগশাৰীৰ তথ্য প্ৰযুক্তি সমৰ্থিত এনজিঅ’ সংকল্পতৰু ফাউণ্ডেচনে আজি ব্লকচেইন প্ৰযুক্তি গ্ৰহণ কৰিবলৈ পলিগণৰ সৈতে একত্ৰীকৰণ হোৱাৰ কথা ঘোষণা কৰিছে। এই একত্ৰীকৰণে সংকল্পতৰু ফাউণ্ডেচনক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত প্ৰথমটো ভাৰতীয় বেচৰকাৰী সংগঠন হিচাপে স্বীকৃতি প্ৰদান কৰে।
দেশৰ ভিতৰতে চাহ আৰু ৰেচমৰ অন্যতম মুখ্য উৎপাদক তথা উপাৰ্জনকাৰী ৰাজ্য হৈছে অসম। অৱশ্যে ইয়াৰ বতৰৰ বাবে, কৃষকসকলে ইয়াত মনো-ক্ৰপিং পছন্দ কৰে। ইয়াৰ ফলত ৰাজ্যখনৰ বেছিভাগ কৃষক অত্যন্ত দৰিদ্ৰ। এই সমস্যাৰ মোকাবিলা কৰিবলৈ, সংকল্পতৰু ফাউণ্ডেচনে প্ৰজেক্ট সেউজীয়া অসম আৰম্ভ কৰিছে।
সংকল্পতৰু ফাউণ্ডেচনৰ তৰফৰ পৰা কোৱা হৈছে যে- আমাৰ এই বৃক্ষৰোপণ অভিযানৰ সৈতে আমি এই কৃষকসকলৰ ভূমিত বীজবিহীন নেমুৰ পুলি ৰোপণ কৰিছো, যিয়ে মাটিৰ খহনীয়া প্ৰতিৰোধ কৰি পৰিৱেশৰ বাবে লাভজনক হিচাপে কাম কৰে। ইয়াৰ উপৰিও, এই গছপুলিবোৰে ৰাজ্যখনৰ দৰিদ্ৰ কৃষকসকলৰ বাবে অতিৰিক্ত উপাৰ্জন হিচাপেও কাম কৰে কিয়নো এইবোৰৰ শুকান আৰু আৰ্দ্ৰ জলবায়ুত বৃদ্ধি আৰু জীয়াই থকাৰ প্ৰৱণতা আছে।
এই সন্দৰ্ভত সংকল্পতৰু ফাউণ্ডেশ্যনৰ প্ৰতিষ্ঠাপক অপূৰ্ব ভাণ্ডাৰীয়ে কয়, “সংকল্পতৰু-ৱে সদায় ইয়াৰ বিভিন্ন সৃষ্টিশীল পদক্ষেপৰ জৰিয়তে প্ৰযুক্তিক উদ্দেশ্যৰ ওচৰলৈ লৈ আহিছে। ব্লকচেইনে গছৰ ইমেজ, ট্ৰি আইডি, আৰু ইয়াৰ ভূ-অৱস্থানৰ দৰে মৌলিক বিৱৰণৰ সৈতে গছৰ ইউআৰএলৰ দৰে ডিজিটেল তথ্য ৰেকৰ্ড আৰু বিতৰণ কৰিব দিয়ে য’ত কোনো ডাটা সম্পাদনা, নাইকিয়া কৰা বা ধ্বংসৰ কোনো সুযোগ নাথাকে। ব্লকচেইনৰ জৰিয়তে আমি আমাৰ দাঁতা আৰু পৃষ্ঠপোষকসকলৰ মাজত বিশ্বাস গঢ়ি তুলিব পাৰিম আৰু জলবায়ু পৰিৱৰ্তনৰ বিৰুদ্ধে যুদ্ধৰ বিৰুদ্ধে যুঁজিবলৈ লাখ লাখ গছ ৰোপণ কৰিবলৈ তেওঁলোকক উৎসাহিত কৰিম।”