গুৱাহাটীঃ ইণ্ডিয়ান ইনষ্টিটিউট অৱ টেকন’লজী (আইআইটি) গুৱাহাটীৰ গৱেষকসকলে ‘ৰেডিয়েটিভ কুলিং চিষ্টেম’ৰ উদ্ভাৱন কৰিছে যাক এয়াৰ কণ্ডিচনাৰৰ বিকল্প হিচাপে ব্যৱহাৰ কৰিব পাৰি।

আইআইটি গুৱাহাটীৰ ইলেক্ট্ৰনিক্স আৰু ইলেকট্ৰিকেল ইঞ্জিনীয়াৰিং বিভাগৰ সহকাৰী অধ্যাপক দেৱব্ৰত সিকদাৰৰ আইআইটি গুৱাহাটীৰ গৱেষক আশীষ কুমাৰ চৌধুৰীৰ তত্বাৱধানত এটা গৱেষকৰ দলে ‘ৰেডিয়েটিভ কুলিং চিষ্টেম’ৰ ডিজাইন আৰু আৰ্হি প্ৰস্তুত কৰিছে।

এয়াৰ-কণ্ডিচনাৰবোৰৰ বিকল্প হিচাপে দিন আৰু নিশা দুয়ো সময়তে এই যন্ত্ৰটো ছাদত অথবা যিকোনো অনুষ্ঠানত ব্যৱহাৰ কৰিব পাৰি।

গৱেষণা অনুসৰি এই নিষ্ক্ৰিয় ৰেডিয়েটিভ কুলিং চিষ্টেমে চাৰিওফালৰ পৰা শোষিত তাপ ইনফ্ৰাৰেড বিকিৰণৰ ৰূপত নিৰ্গত কৰি পৰিচালনা কৰে যি ঠাণ্ডা বাহিৰলৈ নিক্ষেপ কৰাৰ আগতে বায়ুমণ্ডলৰ মাজেৰে পাৰ হ’ব পাৰে।

সাধাৰণতে নিষ্ক্ৰিয় ৰেডিয়েটিভ কুলিং চিষ্টেমবোৰে কেৱল ৰাতিহে কাম কৰা দেখা গৈছিল। আইআইটি গুৱাহাটীৰ গৱেষকৰ দলে এই সমস্যাবোৰ সমাধান কৰিবলৈ আৰু এক সুলভ ৰেডিয়েটিভ কুলিং চিষ্টেম উদ্ভাৱন কৰিছে যি চৌব্বিশ ঘণ্টাই কাম কৰিব পাৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply