হোজাইঃ হোজাই জিলা সাহিত্য সভাৰ সৌজন্যত গৌৰনগৰ সংস্কৃত বেদ বিদ্যালয়ত অনুষ্টুপিয়াকৈ পালন কৰা হৈছে সংস্কৃত দিৱস।

উক্ত অনুষ্ঠানতে গ্ৰন্থকাৰ ৰেণুকা দেৱী শাস্ত্ৰীয়ে অনুবাদ কৰা শ্ৰীমদ্ভাগৱত গীতা গ্ৰন্থখন শুভ উন্মোচন কৰা হয়।

গ্ৰন্থখনৰ শুভ উন্মোচন কৰে ৰবীন্দ্ৰ নাথ টেগৰ বিশ্ব বিদ্যালয়ৰ উপচার্য অমলেন্দু চক্ৰৱৰ্তীয়ে।

১৮ টা অধ্যায়ত সন্নিবিষ্ট গ্ৰন্থ খনৰ পৃষ্ঠা হৈছে ১১৫। প্ৰায় দহ বছৰৰ সাধনাৰ অন্তত গ্ৰন্থখন উন্মোচন হোৱাত উৎফুল্লিত হৈ পৰিছে গ্ৰন্থকাৰ ৰেণুকা দেৱী শাস্ত্ৰী।

লগতে পঢ়কঃচৰাইদেউৰ ঐতিহাসিক লাংকুৰী দৌলত মাটিৰ তলৰ ধন-সোণৰ সন্ধানত দুস্কৃতিকাৰী

উল্লেখযোগ্য অসমীয়া অনুবাদৰ পূৰ্বে ২০২০ চনতো মণিপুৰী ভাষাতো অনুবাদ কৰা ভাগৱত গীতাৰ উম্মোচন কৰা হৈছিল।

লক্ষণীয় যে গ্ৰন্থকাৰ ৰেণুকা দেৱী শাস্ত্ৰীক ২০১৭ চনত ভাৰত ৰত্ন বাবা সাহেব ডঃ অম্বেদকাৰ ফেলশ্বিপ এৱাৰ্ড আগবঢ়োৱা হৈছিল।

২০২১ চনত তেওঁ অসম চৰকাৰৰ লেখক সম্বৰ্ধনা পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply