মঙলদৈঃ সংস্কৃত ভাষা আৰু ভাৰতীয় সংস্কৃতিৰ বিশাল প্ৰচাৰ উত্তৰ-পূৰ্বাঞ্চলত কৰাৰ উদ্দেশ্যে লোকভাষা প্ৰচাৰ সমিতি, ভাৰতৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় সংস্কৃত মহাধিৱেশন অহা বছৰ অসমৰ মঙলদৈ নগৰত অনুষ্ঠিত হ’ব। দেশ-বিদেশৰ সহস্ৰাধিক সংস্কৃত বিদ্বান, অধ্যাপক, সামাজিক কৰ্মী, সেৱক, বিদ্যাৰ্থী, যুৱক-যুৱতীৰ অংশগ্ৰহণেৰে এই মহাধিৱেশন তিনিদিনীয়াকৈ আয়োজন কৰা হ’ব। বুধবাৰে মঙলদৈ প্ৰেছ ক্লাবত অনুষ্ঠিত এক সংবাদমেলত এই কথা সদৰি কৰে লোকভাষা প্ৰচাৰ সমিতিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ, পণ্ডিত প্ৰৱৰ ডঃ সদানন্দ দীক্ষিতে।
সমিতিৰ ৰাষ্ট্ৰীয় মহাসচিব কুশল কলিতা, বিভূতি নাৰায়ণ কৰ আৰু উৰিষ্যা শাখাৰ সভাপতি ড: বিপিন বিহাৰী শতপথীৰ উপস্থিতিত সংবাদ মেল সম্বোধন কৰি ৰাষ্ট্ৰীয় অধ্যক্ষ গৰাকীয়ে কয় যে- ” ভাৰতক বিশ্বগুৰু কৰিবলৈ সংস্কৃত ভাষাই সৰ্বোত্তম পন্থা। ভাৰতীয় সংস্কৃতি, সভ্যতাৰ পৰিবাহক সংস্কৃত ভাষা ভাৰতীয় শিক্ষা ব্যৱস্থাৰ পৰা ক্ৰমশঃ আঁতৰি যোৱাৰ বাবে আজি ভাৰত দেশৰ নাগৰিক “ভাৰতীয়” আৰু “Indian” এই দুভাগত বিভক্ত হৈ পৰিছে। পৃথিৱীৰ কোনো দেশৰ দুটা নাম নাই, একমাত্ৰ ভাৰতৰ দুটা নাম, ইংৰাজীত ইণ্ডিয়া। অন্যান্য ভাৰতীয় ভাষাত “ভাৰত”। ই এক বহিৰাগত চক্ৰান্ত, যাৰ দ্বাৰা ভাৰতীয় নাগৰিকক আত্মিকভাৱে ভাৰতীয় ভাৱনাৰে সমৃদ্ধ হোৱাৰ পৰা বঞ্চিত কৰিছে। উত্তৰ-পূৰ্বাঞ্চলৰ জনগাঁথনিৰ প্ৰতি লক্ষ্য ৰাখি এই প্ৰান্তত সংস্কৃত আৰু ভাৰতীয় সংস্কৃতিৰ বিশাল প্ৰচাৰ প্ৰয়োজন হৈ পৰিছে। সংস্কৃত ভাৰতৰ একতাৰ একমাত্ৰ সূত্ৰ। প্ৰতিখন ৰাজ্যৰে মানুহে সংস্কৃত বুজে, জানে কিন্তু ব্যৱহাৰ নকৰে। ইয়াক ব্যৱহাৰত অনাটোৱে লোকভাষা প্ৰচাৰ সমিতিৰ মূল কাম।”
উল্লেখযোগ্য যে, যোৱা ২২ মাৰ্চ তাৰিখে মঙলদৈ মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এখনি ৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিবলৈ লোকভাষা প্ৰচাৰ সমিতিৰ কেন্দ্ৰীয় নেতৃত্ব মঙলদৈত উপস্থিত হৈছে। উক্ত সন্মিলনত অসমৰ ১৭খন জিলাৰ প্ৰায় তিনি শতাধিক প্ৰতিনিধি উপস্থিত থাকে। অসম সাহিত্য সভাৰ উপ সভানেত্ৰী মৃণালিনী দেৱী, গুৱাহাটী ইছকন মন্দিৰৰ শ্ৰীজীৱ দাস প্ৰভু, বিশিষ্ট উদ্যোগপতি মুকুল ডেকা, গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড: জগদীশ শৰ্মা, নলবাৰী সংস্কৃত বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড: ছবিলাল উপাধ্যায় তথা অন্যান্য সকলৰ উপস্থিতিত এই সন্মিলনত নগাঁৱৰ প্ৰসিদ্ধ সংস্কৃত গায়ক, গীতিকাৰ, অনুবাদক ৰঞ্জন বেজবৰুৱাক “ৰাষ্ট্ৰীয় সংস্কৃত গীতি কবি” সন্মানেৰে বিভূষিত কৰাৰ লগতে অসমৰ বিভিন্ন ঠাইৰ ৪৫ গৰাকী মেধাবী বিদ্যাৰ্থীক “ড: মুকুন্দ মাধৱ শৰ্মা স্মাৰক বঁটা”ৰে সন্মানিত কৰা হয়। অসম শাখাৰ অধ্যক্ষ ড: ভাৰতী গোস্বামীয়ে অধ্যক্ষতা কৰা, মঙলদৈ মহাবিদ্যালয়ৰ অধ্যক্ষ মণিমুগ্ধ বৰঠাকুৰে বন্তি প্ৰজ্বলন কৰা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত “মধুৰং সংস্কৃতম্” নামৰ এখনি গীতিপুস্তক উন্মোচন কৰা হয়।