নিউজ ডেস্কঃ বিশিষ্ট সংস্কৃত পণ্ডিত অধ্যাপক উমাকান্ত দেৱ শৰ্মাৰ দেহাৱসান। পুৱতি নিশা প্ৰায় ১২.৪০ বজাত জালুকবাৰীস্থিত বাসগৃহত শেষ নিশ্বাস ত্যাগ কৰে সংস্কৃত পণ্ডিত গৰাকীয়ে।
মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৩ বছৰ। আজি বিয়লি ভূতনাথ শ্মশানত উমাকান্ত দেৱ শৰ্মাৰ শেষকৃত সম্পন্ন কৰা হ’ব।
সংস্কৃত অধ্যাপক গৰাকীয়ে লিখা কেইখন মান গ্ৰন্থ ক্ৰমে- গুৰু গীতা, সনাতনীয়া চিন্তন, ভাৰতীয় চিনাতানম, ন্যায় পৰিচয় আদি।
ৰাষ্ট্ৰীয়-আন্তৰাষ্ট্ৰীয় পৰ্যায়ত খ্যাতি সম্পন্ন এইগৰাকী সংস্কৃত পণ্ডিত অধ্যাপকৰ মৃত্যুত এতিয়া বিভিন্নজনে শোক প্ৰকাশ কৰিছে।