সোণাৰিঃ ধন আত্মসাতৰ অভিযোগত সাপেখাতীত যুৱকক আটক। ধৃত যুৱকজন চৰাইদেউ জিলাৰ সাপেখাতি বাঘমৰিয়াল গাঁৱৰ শিশিৰ কুমাৰ গগৈ।

জটিল ৰোগত আক্ৰান্ত হৈ বাংগালোৰত চিকিৎসাধীন হৈ থকা এটি কণমানিলৈ আগবঢ়োৱা ৰাইজৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ অভিযোগত আটক শিশিৰ কুমাৰ গগৈ।

তথ্য অনুসৰি মঙ্গলদৈৰ মৃদুল কলিতা নামৰ লোকজনৰ কণমানি সন্তান জিউ এক জটিল ৰোগত আক্ৰান্ত হৈ বাংগালোৰত চিকিৎসাধীন হৈ আছে।

জিউৰ চিকিৎসাৰ বাবে প্ৰয়োজন বহু অৰ্থৰ । যাৰ বাবে কণমানি জিউৰ চিকিৎসাৰ বাবে আৰ্থিক সহায় বিচাৰি মৃদুল কলিতাই সামাজিক মাধ্যমযোগে অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিভিন্ন জনে মৃদুল কলিতালৈ অৰ্থ সাহায্য আগবঢ়াইছিল। আনকি জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ লগতে বহু কেইগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী, জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ উপৰিও সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ উপৰিও বিভিন্ন জনে জিউক সহায় কৰিবলৈ অসমবাসীৰ প্ৰতি আহ্বান জনাইছিল সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে।

সাপেখাতীৰ শিশিৰ কুমাৰ গগৈয়ো সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনালে সকলোকে।

শিশিৰ কুমাৰ গগৈ HumanForHumanity foundation নামৰ এটা সংগঠনৰ সভাপতি।

জিউৰ বাবে আৰ্থিক সহায় বিচাৰি শিশিৰ কুমাৰ গগৈয়ে মৃদুল কলিতাই দিয়া পোষ্টটো ফেচবুকত শ্বেয়াৰ কৰিলে।

পোষ্টটোত মৃদুল কলিতাৰ গ’গল পে নম্বৰৰ সলনি শিশিৰে দিলে আন এটা নম্বৰ। যাৰ ফলত ৰাইজে দিয়া বৰঙনি মৃদুল কলিতাৰ সলনি সোমালে আনটো নম্বৰত।

এই সন্দৰ্ভত মৃদুল কলিতাই জানিব পাৰি বাঘৰবাৰী ৰেনেচাঁ ক্লাবৰ সভাপতি নৱ কুমাৰ শৰ্মা, সহ সম্পাদক প্ৰশান্ত ডেকাই গোচৰ তৰিলে মঙ্গলদৈ আৰক্ষীৰ ওচৰত। এই গোচৰৰ ভিত্তিতেই মঙ্গলদৈ সদৰ আৰক্ষী আৰু সাপেখাতী আৰক্ষীয়ে নিজ বাসগৃহৰপৰাই আটক কৰে শিশিৰক।

আৰু পঢ়কঃদেশত প্ৰতিদিনে ক’ভিডত নতুনকৈ আক্রান্ত হৈ আছে তিনি লক্ষাধিক লোক

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply