বৰহাটঃ চৰাইদেউৰ সাপেখাতীৰ শালকাঠনীত গণ প্ৰহাৰত যুৱকৰ মৃত্যু৷ শালকাঠনী চাহ বাগিচাৰ মঙলু তাঁতী (৩০) নামৰ যুৱকগৰাকীক বাগিচাৰ একাংশ লোকে মাৰধৰ কৰি হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছে৷

কিছুদিন পূৰ্বে জামিন লাভ কৰি কাৰাগাৰৰ পৰা ওলাই আহিছিল মঙলু তাঁতী৷ মঙলুৱে অঞ্চলটোৰ ৰাইজৰ ওপৰত দীৰ্ঘদিন ধৰি চলাই আহিছিল এক প্ৰকাৰৰ সন্ত্ৰাস। অৱশেষত অতিষ্ঠ হৈ স্থানীয়লোকসকল ওলাই আহি খেদি খেদি প্ৰহাৰ কৰি হত্যা কৰে মঙলুক।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply