বৰহাটঃ এতিয়া অসমত চলিছে বোকা নৃত্যৰ ট্ৰেণ্ড। শেহতীয়াকৈ অসমত বিহুৰ অনুষ্ঠানত সমূহত একাংশ উদণ্ড যুৱকে বোকা ডান্সৰ নামত যি অপসংস্কৃতিৰ সৃষ্টি কৰিছে ইয়াৰ বিৰুদ্ধে এতিয়া সৰৱ হৈ পৰিছে ৰাজ্যৰ আৰক্ষী-প্ৰশাসন।এতিয়াৰ পৰা বিহু সন্মিলনত নচলিব বোকা নৃত্য। বোকা নৃত্য কৰা সকললৈ সাপেখাতী আৰক্ষীৰ তীব্ৰ হুংকাৰ।

লগতে পঢ়কঃবোকা ডান্সৰ নামত বিহু উৎসৱ সমূহত একাংশই অপসংস্কৃতিৰ সৃষ্টি কৰিছে

যিকোনো পৰিস্থিতিত বোকা নৃত্য কৰা সকলক দমন কৰিবলৈ এতিয়া সষ্টম হৈ পৰিছে আৰক্ষী। বিহুক অপসংস্কৃতিৰ গৰাহত পৰিবলৈ দিয়া নহ’ব বুলি পুৰণা সাপেখাতী আঞ্চলিক ৰঙালী বিহু সন্মিলনত এই কথা সদৰী কৰে সাপেখাতী আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰকাশ শৰ্মাই। লগতে বোকা নৃত্য কৰি পৰিবেশ বিনষ্ট নকৰিবলৈ সকলোকে সকীয়াই দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply Cancel reply