বৰহাটঃ চৰাইদেউ জিলাৰ সাপেখাতীৰ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকজনৰ বিৰুদ্বে ধন আত্মসাৎ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে। বিষ্ণু দত্ত নামৰ প্ৰধান শিক্ষকজনে বিদ্যালয়ৰ গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰি মাত্ৰ ৩০ শতাংশ কাম কৰিয়েই ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে।
বিগত ২০১৫ আৰু ২০১৬ চনতে বিদ্যালয় গৃহ নিৰ্মাণৰ বাবে আৱণ্টিত হৈছিল ২১ লাখ ৮৯ হাজাৰ টকা। কিন্তু গৃহ নিৰ্মাণৰ কাম সম্পূৰ্ণ নকৰাকৈ আধাতে কাম সামৰে প্ৰধান শিক্ষক বিষ্ণু দত্তই।
বিদ্যালয়খনত মধ্যাহ্ন ভোজনত অনিয়ম, ছাত্ৰ-ছাত্ৰীৰ বাবে আৱন্টিত পূুজিৰ দ্বাৰা সাজ পোছাক যোগান নধৰা, RSMৰ আঁচনিৰ ২২ লাখ টকাৰ গৃহ নিৰ্মাণ সম্পূৰ্ণ নোহোৱা, বিদ্যালয়ৰ অতিৰিক্ত কোঠা নিৰ্মাণৰ বাবে আৱন্টিত হোৱা ৬ লাখ টকাৰ কাম সম্পূৰ্ণ নোহোৱা, বিদ্যালয়ৰ আন্ত-গাঁথনিৰ বাবে আৱন্টিত পুঁজি কোনো ক্ষেত্ৰত সৎ ব্যৱহাৰ নোহোৱা ইত্যাদি অভিযোগ উত্থাপিত কৰিছে টাই আহোম যুৱ পৰিষদ,বিভিন্ন দল সংগঠন আৰু স্থানীয় ৰাইজে। এই দুৰ্নীতিৰ বিৰুদ্ধে সঠিক তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে।