নিউজ ডেস্কঃ আজি ৭ জুন। এই দিনটোত অসমত বিশেষ কোনো উৎসৱ বা দিৱস নাই যদিও, এই তাৰিখটো অতি গুৰুত্বপূৰ্ণ। কিয়নো ৭ জুন তাৰিখতে অসমত আনুষ্ঠানিকভাৱে মুকলি কৰা হৈছিল ব্ৰহ্মপুত্ৰৰ ওপৰত প্ৰথমখন ৰে’লপথযুক্ত দলং। ১৯৬৩চনৰ ৭ জুন তাৰিখে সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৱে যাত্ৰীৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰিছিল শৰাইঘাট দলং।

অসমবাসী বা অসমলৈ যিসকল লোক আহিছে তেওঁলোকক শৰাইঘাট দলংখন পুনৰ চিনাকি কৰি দিয়াৰ প্ৰয়োজন নাই। কিন্তু এইখন দলঙৰ প্ৰথমতে ‘ব্ৰহ্মপুত্ৰ দলং’ নামেৰে নামাকৰণ কৰা হৈছিল। অৱশ্যে পাছলৈ দলংখনৰ নাম ‘শৰাইঘাট দলং’ নামাকৰণ কৰা হয়।

শৰাইঘাট দলঙৰ ইতিহাসঃ

ব্ৰহ্মপুত্ৰৰ ওপৰত এইখন দলং নিৰ্মাণৰ কথা ১৯১০চনতেই চিন্তা-চৰ্চা কৰা হৈছিল। উল্লেখ্য যে, ৫০ দশকলৈ অসমক দুটা ভাগত ভাগ কৰা ব্ৰহ্মপুত্ৰ পাৰ হ’বলৈ নাছিল এখনো দলং। সকলোৱে নাৱৰ জৰিয়তেই ইটো পাৰৰ পৰা সিপাৰলৈ পাৰ হৈছিল। সেয়েহে নদীখনৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে বিভিন্ন আৱেদন কৰা হৈছিল।

কিন্তু আৱেদন বাৰম্বাৰ কৰাৰ পাছতো কোনো ফল নাপালে অসমৰ ৰাইজে। আৰু অৱশেষত ব্ৰহ্মপুত্ৰৰ ওপৰত দলঙৰ দাবীত আন্দোলনৰ পথ বাচি ল’বলগীয়া হয়। হেম বৰুৱা, কমিউনিষ্ট গৌৰীশংকৰ ভট্টাচাৰ্য, হৰেশ্বৰ গোস্বামীৰ দৰে ব্যক্তিয়ে গুৰি ধৰিছিল এই আন্দোলনৰ।

সেই সময়তে চীনা সেনা বাহিনী অৰুণাচলপ্ৰদেশৰ টাৱাং, বোমডিলালৈকে আগুৱাই আহিছিল। আৰু অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ নিৰাপত্তাৰ বিষয়টো চৰ্চালৈ আহিল। চীনা সেনাই ভাৰতত প্ৰৱেশ কৰাৰ পাছতেই ব্ৰহ্মপুত্ৰৰ ওপৰত এখন দলং নিৰ্মাণৰ অনুমতি দিয়া হয়। ১ জানুৱাৰী, ১৯৫৯চনত শৰাইঘাট দলঙৰ নিৰ্মাণৰ কাম আৰম্ভ কৰা হয়।

শৰাইঘাট দলঙৰ নিৰ্মাণ আৰু পৰীক্ষাঃ

১৯৫৯চনত নিৰ্মাণ কাৰ্য আৰম্ভ কৰা শৰাইঘাট দলঙৰ নিৰ্মাণ কাৰ্যৰ দায়িত্ব প্ৰদান কৰা হৈছিল হিন্দুস্থান কনষ্ট্ৰাকশ্যন কৰ্পৰেশ্যন লিমিটেড নামৰ প্ৰতিষ্ঠানটোক। এই দলংখন নিৰ্মাণৰ বাবে প্ৰায় ৪০,০০০ টন চিমেন্ট, ২০,০০০ টন ষ্টীল আৰু ৮ হাজাৰ শ্ৰমিকৰ প্ৰয়োজন হৈছিল।

তাৰপাছত ১৯৬২চনৰ ছেপ্টেম্বৰ মাহত দলংখনৰ নিৰ্মাণ কাৰ্য সম্পন্ন হয়। উক্ত বৰ্ষৰে ২৩ ছেপ্টেম্বৰত এটা ৰে’ল ইঞ্জিন দলংখনেৰে পাৰ কৰি পঠোৱা হয়। আৰু অক্টোবৰ মাহৰে পৰা মালবাহী ৰে’ল চলাচল আৰম্ভ হয় শৰাইঘাট দলঙত। উল্লেখ কৰাৰ প্ৰয়োজন যে, ১৪৯২ মিটাৰ দৈৰ্ঘ্যৰ এই দলংখন নিৰ্মাণৰ বাবে ব্যয় হৈছিল ১০,৬৫,১৬,৮৯১ টকা।

শৰাইঘাট দলঙৰ উদ্বোধনঃ

৭ জুন, ১৯৬৩চনত শৰাইঘাট দলং উদ্বোধন কৰা হয়। পূৰ্বে উল্লেখ কৰা হৈছে যে, শৰাইঘাট দলঙৰ নাম প্ৰথমে ব্ৰহ্মপুত্ৰ দলং ৰখা হৈছিল। কিন্তু মালিগাঁও ৰে’ল ষ্টেচনৰ সমীপত অনুষ্ঠিত এখন সভাত সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী জৱাহৰলালা নেহৰুৱে দলংখন সাধাৰণ জনতাৰ বাবে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। প্ৰধানমন্ত্ৰী নেহৰুৱে শৰাইঘাট দলং নামেৰে দলংখনৰ নামাকৰণ কৰে।

শৰাইঘাট দলঙৰ বৰ্তমানৰ অৱস্থা আৰু ইয়াৰ চোৱাচিতাৰ দায়িত্বঃ

শৰাইঘাট দলঙৰ চোৱা-চিতাৰ দায়িত্বত আছে উত্তৰ-পূব সীমান্ত ৰে’লৱে। ৰে’লৱে বিভাগে আইআইটি, গুৱাহাটীৰ বিশেষজ্ঞৰ এটা দলক দলংখনৰ বৰ্তমানৰ অৱস্থা পৰীক্ষা কৰিবলৈ দায়িত্ব দিছিল আৰু দলটোৱে জনাইছিল যে- দলংখন সম্পূৰ্ণ নিৰাপদ অৱস্থাত আছে আৰু দলংখনৰ ১১টা খুটাই আছে ভাল অৱস্থাত।

খুটা কেইটা ভালে আছে যদিও এখন দলঙৰ খুটাৰ লগতে যান-বাহন আহ-যাহ কৰা পথচোৱা বহুত গুৰুত্বপূৰ্ণ। যাতায়তৰ বৰ্ধিত হেঁচা আৰু সঘন যান-জঁটৰ বাবে মাজে সময়ে এই পথচোৱা মেৰামতি কৰিবলগীয়া হয়। আৰু ৬৯ বছৰ হোৱা এই দলংখনৰ মেৰামতি মাজে সময়ে কৰিবই লাগিব।

অৱশ্যে সঘন যান-জঁটৰ বাবে তিনিটা লেনযুক্ত আৰু এখন নতুন দলং শৰাইঘাটৰ সমীপতে নিৰ্মাণ কৰা হৈছে। বৰ্তমান সময়ত ব্ৰহ্মপুত্ৰৰ ওপৰত ৬খনকৈ দলং আছে যদিও শৰাইঘাট দলংখনৰ কথা সুকীয়া। কিয়নো এইখনে হৈছে অসমত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত নিৰ্মাণ কৰা প্ৰথমখন ৰে’লপথযুক্ত দলং।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply