মাজুলীঃ মাজুলী-নিমাতী ঘাটত সংঘটিত হোৱা ফেৰী দুৰ্ঘটনাৰ খবৰ লবলৈ আজি মাজুলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
মাজুলীত উপস্থিত হৈ মাজুলী জিলা উপায়ুক্ত কাৰ্যালয় ত প্ৰশাসনিক সেৱাৰ বিষয়া কৰ্মচাৰী সকলৰ লগতে আভ্যন্তৰীণ জল পৰিবহনৰ বিষয়া সকলৰ লগত মিলিত হয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকী।
ফেৰী দুৰ্ঘটনাৰ এই ঘটনা দুঃখ প্ৰকাশ কৰে সৰ্বানন্দ সোণোৱালে।
লগতে পঢ়কঃ ভাৰত-বাংলাদেশ সীমান্তৰ নদী পথত পুনৰ বিএছএফে জব্দ কৰিলে ১০ টাকৈ গৰু
চাৰি বছৰৰ মূৰত সম্পূৰ্ণ মাজুলী- নিমাতী সংযোগী দলঙৰ কাম সম্পূৰ্ণ হ’ব বুলি আশ্বাস দিয়ে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে।
ইফালে কালি ফেৰী দুৰ্ঘটনাৰ ঘটনাৰ উচিত তদন্ত আৰু মাজুলীবাসীক ঠগ কৰাৰ অভিযোগ তুলি আছু, যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল সংগঠনে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা মাজুলীৰ প্ৰাক্তন বিধায়ক সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰিছিল ।