গুৱাহাটী : চৰকাৰী বাসগৃহৰ পৰাৰ ওলাই পোনে পোনে ৰাজভৱনত উপস্থিত সৰ্বানন্দ সোণোৱাল। ৰাজ্যপাল জগদীশ মুখীৰ হাতত নিজৰ পদত্যাগ পত্ৰ দাখিল কৰি সৰ্বনন্দ সোণোৱাল যাত্ৰা কৰে বিধায়িনী দলৰ বৈঠকলৈ। সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহৰ পৰা একেলগে ওলাই যায় হিমন্ত বিশ্ব শৰ্মা।
আজি ঘোষণা কৰা হ’ব অসমৰ মুখ্যমন্ত্ৰীৰ নাম। অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হোৱাটো নিশ্চিত হৈছে যদিও মাজত আছে মাত্ৰ আনুষ্ঠানিক ঘোষণাহে। শনিবাৰে দিল্লীত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বত সৈতে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাৰ বৈঠকৰ পিছতে হিমন্ত বিশ্ব শৰ্মা অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী হ’ব বুলি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও আজি গুৱাহাটীত বিজেপিৰ বিধায়নী দলৰ বৈঠকত ইয়াৰ অনুষ্ঠানিক ঘোষণা কৰা হ’ব।
ইতিমধ্যে হিমন্ত বিশ্ব শৰ্মাৰ নাম মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰাৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰা হৈছে। আজি বিধায়নী দলৰ বৈঠৰক পূৰ্বে পুৱাৰ ভাগতে হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ কেইবাগৰাকী কেন্দ্ৰীয় নেতৃত্বত উপস্থিত হয় সৰ্বানন্দ সোণোৱালৰ চৰকাৰী বাসগৃহত। চৰকাৰী বাসগৃহত সৰ্বানন্দ সোণোৱালৰ লগত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বত বৈঠকত মিলিত হয়।
বৈঠকৰ অন্তত সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা একে লগতে ওলাই আহে। চৰকাৰী বাসগৃহৰ পৰা ওলাই আহি সৰ্বানন্দ সোণোৱাল পোনে পোনে ৰাজভনৱত উপস্থিত হৈ ৰাজ্যপাল জগদীশ মুখীৰ হাতত নিজৰ পদত্যাগ পত্ৰ অৰ্পন কৰে। মুখ্যমন্ত্ৰী পদৰ পদত্যাগ পত্ৰ দাখিল কৰিয়ে সৰ্বানন্দ সোণোৱাল যাত্ৰা কৰে বিজেপি বিধায়নী দলৰ বৈঠকলৈ।