নিউজ ডেস্ক : কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুকুৰবাৰে ৰাজ্যসভাৰ সদস্য হিচাপে শপতগ্ৰহণ কৰে। আজি ৰাজ্যসভাৰ অধ্যক্ষ এম ভেংকেয়া নাইডুয়ে নতুন নিৰ্বাচিত সৰ্বানন্দ সোণোৱাল আৰু এল মুৰুগানক শপত বাক্য পাঠ কৰোৱায়।
উল্লেখযোগ্য যে কিছুদিন পূৰ্বে হৈ যোৱা ৰাজ্যসভাৰ উপ নিৰ্বাচনত সোণোৱালে অসম আৰু মুৰুগানে মধ্য প্ৰদেশৰ পৰা ৰাজ্যসভাৰ বাবে নিৰ্বাচিত হয়।
আজিৰ অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসমীয়াত শপত বাক্য পাঠ কৰাৰ বিপৰীতে মুৰুগানে তামিল ভাষাত শপত বাক্য পাঠ কৰে।
এল মুৰুগান হৈছে মীন-পালন, পশু-পালন তথা তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ ৰাজ্যিক কেন্দ্ৰীয় মন্ত্ৰী।
আজিৰ শপতগ্ৰহণ অনুষ্ঠানত সংখ্যালঘু পৰিক্ৰমা মন্ত্ৰী মুখতাৰ আব্বাছ নাকবি, ৰাজ্যসভাৰ মহা সচিব পি পি কে ৰামচাৰয়ুলুকে ধৰি ৰাজ্যসভা সচিবালয়ৰ কেইবা গৰাকী জ্যেষ্ঠ বিষয়া উপস্থিত আছিল।
লগতে পঢ়ক : কাৰ্বি আংলঙৰ নাহৰজানত অস্ত্ৰসহ ৫ জন নাগা যুৱকক আটক