নিউজ ডেস্কঃ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালক ৰাজ্যসভাৰ সাংসদৰ বাবে মনোনীত।

অসমৰ পৰা খালী হোৱা একমাত্ৰ আসনখনৰ বাবে বিজেপি দলে মনোনীত কৰিছে সৰ্বানন্দ সোণোৱালক।

পূৰ্বৰ ৰাজ্যসভাৰ সাংসদ তথা বৰ্তমানৰ অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ ৰাজ্যসভাৰ আসনখন খালী হৈ আছে।

লগতে পঢ়কঃচিকিৎসকৰ সম্পৰ্কে বিৰূপ মন্তব্য কৰি বিপদত আঙুৰলতা


মাজুলীৰ বিধায়ক পদ ত্যাগ কৰি কেন্দ্ৰীয় কেবিনেট মন্ত্ৰীত্বৰ দায়িত্ব গ্ৰহণ কৰা সোণোৱালে মন্ত্ৰীত্ব ৰক্ষাৰ বাবে ৬ মাহৰ ভিতৰত ৰাজ্যসভা বা লোকসভাৰ সদস্য হোৱাটো বাঞ্চনীয়।

সেয়েহে ৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভাৰ নিৰ্বাচনত সোণোৱালক বিজেপিয়ে ৰাজ্যসভাৰ সাংসদ পদৰ বাবে মনোনীত কৰিছে।

অহা ৪ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া ৰাজ্যসভা নিৰ্বাচনৰ বাবে আজি অসম বিধানসভাৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ পৰা ভাৰতীয় জনতা পাৰ্টিৰ মিত্ৰজোঁটৰ মনোনীত প্ৰাৰ্থী প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ মনোনয়ন প্ৰ-পত্ৰ সংগ্ৰহ কৰে ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই।

উক্ত কার্যসূচীত ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য শান্তনু ভৰালী , লাহোৱাল বিধানসভা সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকা উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,044 other subscribers

Leave a comment

Leave a Reply