নিউজ ডেস্ক : প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বই নতুন দায়িত্ব অৰ্পন কৰিব। মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত এই মন্তব্য কৰে।

অৱশ্যে, সোণোৱালক কি দায়িত্ব অৰ্পন কৰা হ’ব সেই সম্পৰ্কে তেওঁ জ্ঞাত নহয় বুলি মুখ্য মন্ত্ৰী শৰ্মাই লগতে কয়।

বৃহস্পতিবাৰে নতুন দিল্লীত অনুষ্ঠিত এক সংবাদমেলত শৰ্মাই কয়, ‘নাড্ডাজী (বিজেপিৰ সভাপতি জে পি নাড্ডা)ৰ সৈতে যেতিয়া মোৰ আৰু সোণোৱালৰ যোৱাবাৰ বৈঠক হৈছিল তেতিয়া তেওঁ কৈছিল যে অহা ৫ বছৰৰ বাবে হিমন্ত মুখ্য মন্ত্ৰী হ’ব আৰু সোণোৱালক এক নতুন দায়িত্ব দিয়া হ’ব।’

‘মই ভাবো কেন্দ্ৰীয় নেতৃত্বই সোণোৱালৰ সম্পৰ্কত এক সিদ্ধান্ত গ্ৰহণ কৰিব,’ তেওঁ কয়।

লগতে পঢ়ক : ড্ৰাগছ বিৰোধী অভিযানত ৰাজ্যত ৪৫০ জনতকৈ অধিক ড্ৰাগছ ব্যৱসায়ী গ্ৰেপ্তাৰ

মুখ্য মন্ত্ৰী হি্চাপে শপত গ্ৰহণ কৰাৰ পিছত প্ৰথমটো দিল্লী ভ্ৰমণ কাৰ্য্যসূচীত বুধবাৰে হিমন্ত বিশ্ব শৰ্মাই প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে। আজি সাংবাদিকে নৰেন্দ্ৰ মোদী চৰকাৰে ৰাজ্যখনৰ প্ৰাক্তন মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক কেন্দ্ৰীয় মন্ত্ৰীসভাত স্থান দিব নেকি বুলি সোধা এক প্ৰশ্ন উত্তৰত শৰ্মাই এনেদৰে কয়।

তেওঁ কয় যে এগৰাকী প্ৰাক্তন মুখ্য মন্ত্ৰী আৰু এগৰাকী প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী হিচাপে থকা সোণোৱালৰ অভিজ্ঞতাক নিশ্চয় দলটোৱে কামত লগাব।

উল্লেখযোগ্য যে ২০১৬ চনত অসমৰ মুখ্য মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পূৰ্বে সৰ্বানন্দ সোণোৱালে ২০১৪ চনৰ পৰা ২০১৬ চনলৈ নৰেন্দ্ৰ মোদী নেতৃ্ত্বাধীন বিজেপি চৰকাৰৰ কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰীৰ দায়িত্বত আছিল।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,993 other subscribers

Leave a comment

Leave a Reply