মুখ্যমন্ত্ৰী পদ ত্যাগ কৰা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক বিজেপিয়ে দিব বিশেষ পদ মৰ্যাদা।ইতিমধ্যে সৰ্বানন্দ সোণোৱালৰ পদমৰ্যাদাক লৈ কেন্দ্ৰীয় নেতৃত্বই আলোচনা সম্পন্ন কৰিছে।
আনহাতে এই সন্দৰ্ভত আজি কেবিনেট মন্ত্ৰী ৰঞ্জিত দাসে জানিবলৈ দিয়া অনুসৰি,সৰ্বানন্দ সোণোৱালক কি বিশেষ পদ মৰ্যাদা দিব আৰু ক’ত কেনেদৰে সংস্থাপিত কৰিব সেই সিদ্ধান্ত কেন্দ্ৰীয় নেতৃত্বই ইতিমধ্যে গ্ৰহণ কৰিছে।
কেন্দ্ৰীয় নেতৃত্বৰ লগত সৰ্বানন্দ সোণোৱালৰ এই সন্দৰ্ভত আলোচনা হৈছে।সোণোৱালক ক’ত সংস্থাপিত কৰা হ’ব সেয়া বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও সম্পূৰ্ণ জ্ঞাত। ৰণজিত কুমাৰ দাসৰ মন্তব্য, “কেন্দ্ৰীয় নেতৃত্বৰ লগত ইতিমধ্যেই ১ ঘণ্টা ১০ মিনিট এই সন্দৰ্ভত আলোচনা হৈছে সৰ্বানন্দ সোণোৱালৰ।”
সোকালেই ৰাজ্যিক বিজেপিৰ সভাপতি সলনি নহয় বুলি গুৰত্বপূৰ্ণ মন্তব্য কৰিছে ৰণজিত কুমাৰ দাসে। অহা ৬ মাহলৈ সভাপতি সলনি নহয় বুলি স্পষ্ট কৰি দিয়ে বৰ্তমানৰ সভাপতি তথা কেবিনেট মন্ত্ৰী দাসে। এই সন্দৰ্ভত সোমবাৰে ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা আৰু কেন্দ্ৰীয় সাংগঠনিক সম্পাদক বিএল সন্তোষৰ সৈতে ৰণজিত দাসে আলোচনা কৰা বুলিও জনায়।
আৰু পঢ়ক http://মূল্যবৃদ্ধি! চেঞ্চুৰী কোবালে পেট্ৰ’ল-ডিজেলৰ মূল্যই