শৰাইঘাট দলং মেৰামতিৰ বাবে আকৌ দিলে বন্ধৰ জাননী । উত্তৰ পূব সীমান্ত ৰে’লৱে মেৰামতিৰ প্ৰয়োজনত দলংখনৰে চলাচল পুনৰ তিনি মাহৰ বাবে বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে।
যোৱা বছৰো প্ৰায় বিধ্বস্ত অৱস্থাত এই দলংখন তিনি মাহৰ বাবে বন্ধ কৰি দি গেমন ইণ্ডিয়া নামৰ কোম্পানীটোৱে মেৰামতি কৰিছিল।সেইসময়ত চাৰিলেনযুক্ত ঘাইপথৰ নৱনিৰ্মিত দলংখনৰেই দুয়ো দিশৰ যান-বাহন চলাচলৰ ব্যৱস্থা কৰা হৈছিল়। এটা বছৰ পাৰ হওতেই আকৌ মেৰামতি দলংখনৰ । বছৰি বছৰি মেৰামতিৰ নামত কোটি কোটি টকা ব্যয় কৰি থকাৰ ৰহস্য কি সি এতিয়াও অজ্ঞাত।
দলংখনৰ ওপৰেৰে দৈনিক ১৫ হাজাৰৰো অধিক লঘু আৰু গধূৰ যান-বাহন চলাচল কৰাৰ উপৰি শৰাইঘাট দলংখনৰ ৰে’লপথটোৰে দৈনিক ২০০খনৰো অধিক ৰে’ল চলাচল কৰে। এনে এখন দলং বিপদসংকুল ভাবে চৰকাৰে দলংখনৰ ঐতিহ্য ৰক্ষাৰ বাবে ৰাখিব খুজিছে নে ইয়াক বছৰি বছৰি মেৰামতিৰ নামত লুন্ঠন চলাই অহা চক্ৰটোক উদগণি যোগাই আহিছে । ৰে’ল আৰু যানবাহন চলাচল কৰা দুখলপীয়া এখন দলং খন এনেদৰে বছৰি বছৰি মেৰামতি কৰি চলাই ৰখাতো কিমান বিপদজনক সেয়া সহজেই অনুমেয়।
১৯৫৯চনত ব্ৰিটিছ কোম্পানীয়ে নিৰ্মাণ কৰা দলংখনৰ ম্যাদ ৫০ বছৰ উল্লেখ কৰিছিল | সেই হিচাবত ২০০০ চনতেই দলংখনৰ ম্যাদ উকলি যোৱাৰ বাবে ব্ৰিটিছ কোম্পানীটোৱে কেন্দ্ৰীয় পথ পৰিবহন বিভাগক বাৰম্বাৰ দলংখনৰ বিকল্প নিৰ্মাণৰ কথা কৈছিল যদিও, দিছপুৰ-দিল্লীৰ চৰকাৰে যোৰা-টাপলি মাৰি অতি বিপদজনকভাৱে বিগত ২০ বছৰ দলংখন চলাই ৰাখিছে। বছৰি মেৰামতি কৰাৰ নামত কোটি কোটি টকা ব্যয় কৰি অহা চৰকাৰ বোৰে বিপদ সংকুল ভাবে কিয় এইদৰে চলাই আহিছে সিও ভাবিব লগীয়া কথা হৈ পৰিছে । এতিয়া আকৌ উত্তৰ পূব সীমান্ত ৰে’লৱে ফালৰ পৰা মেৰামতিৰ প্ৰয়োজনত দলংখনৰে চলাচল পুনৰ তিনি মাহৰ বাবে বন্ধ কৰা হ’ব বুলি ঘোষণা কৰিছে।