মৰাণ: সৰস্বতী পূজাৰ প্ৰাকক্ষণত ৰাজগড় কেন্দুগুৰিৰ এজন ১১ বছৰীয়া ছাত্ৰ ব্যস্ত হৈ পৰিছে প্ৰতিমা নিৰ্মাণত । ইতিমধ্যে কেইবাগৰাকীও প্ৰতিমা নিৰ্মাণ কৰিছে ছাত্ৰজনে ।
ৰাজগড় কেন্দুগুৰিৰ ৩ নং গেৰেকণি গাঁৱৰ চতৰ্থ শ্ৰেণীৰ ছাত্ৰ অংকুৰ বৰুৱাই ২ বছৰ ধৰি নিৰ্মাণ কৰি আহিছে প্ৰতিমা । ৰাজগড় শংকৰদেৱ শিশু নিকেটনৰ ছাত্ৰজনে নিজা বিদ্যালয়ৰ সৰস্বতী পূজাৰ বাবে নিজেই নিৰ্মাণ কৰা প্ৰতিমাই পূজা পাতি আহিছে ।
তেওঁ সৰস্বতী, দুৰ্গা, মনসা, লক্ষ্মী আদি মুৰ্তি নিৰ্মাণ কৰি আহিছে । অংকুৰৰ পিতৃও এজন মৃৎ শিল্পী । প্ৰায় ৩০ বছৰ ধৰি তেওঁ মুৰ্তি বনাই আহিছে । পিতৃৰ কৰ্মকে অংকুৰে আদৰ্শ হিচাপে লৈ মৃৎ শিল্পত মনোনিৱেশ কৰিছে । এই কৰ্মৰ বাবে ছাত্ৰজন অঞ্চলটোত পৰিচিত হৈ পৰিছে ।
ছাত্ৰজনৰ পিতৃয়ে জানিবলৈ দিয়া অনুসৰি মৃৎ শিল্পৰ কাম কৰিয়েই তেওঁ পৰিয়াল পোহ-পাল দি আহিছে । পূৰ্বতে তেওঁৰ এই ব্যৱসায় ভাল চলিছিল যদিও ক’ভিড পৰিস্থিতিৰ বাবে কিছু বাধা আহি পৰিছে ।
এইবাৰ সৰস্বতী পূজাৰ বাবে মাত্ৰ কেইখনমানহে প্ৰতিমা বুকিং হৈছে বুলি তেওঁ জনায় । ইফালে পুত্ৰৰ কৰ্ম স্পৃহাক লৈ পিতৃ গৌৰৱান্বিত বুলিও জানিবলৈ দিয়ে ।
লগতে পঢ়ক- ৰাজ্য সভাৰ নিৰ্বাচনত এইবাৰ প্ৰাৰ্থিত্ব আগবঢ়াব AIUDFএ