নিউজ ডেস্ক- নিৰ্বাচনী আচৰণ বিধি ভংগকাৰী সকলৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছে প্ৰশাসন।
নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত উঠিছে ধনৰ উজান।
শনিবাৰে ষ্টেটিক ছাৰ্ভিলেন্স দল আৰু বালাপাৰা আৰক্ষীয়ে সৰ্থেবাৰীৰ বালাপাৰাৰ ভাৰেগাঁও চকত জব্দ কৰে নগদ ২,২২,০০০ টকা।
টকাখিনি সৰ্থেবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বিজিতা ডেকাৰ নেতৃত্বত আৰু ৰাজহ চক্ৰৰ সংলগ্ন বিষয়া চন্দন বেজবৰুৱাৰ উপস্থিতত জব্দ কৰা হয় টকাখিনি।
ইউচুফ খালিফা নামৰ এগৰাকী ব্যক্তিৰ পৰা জব্দ কৰে এই টকাখিনি।