গোলাঘাট: কাজিৰঙাত চলিত বৰ্ষৰ জানুৱাৰীত এটা গঁড় হত্যা কৰাৰ অভিযোগত গোলাঘাট জিলাৰ সৰুপথাৰৰ পৰা এজন সন্দেহযুক্ত লোকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে।গ্ৰেপ্তাৰ কৰা লোকজন উৰিয়ামঘাটৰ উত্তম খাখলাৰী।
চলিত বৰ্ষত কাজিৰঙাৰ কহৰাত সংঘটিত গঁড় হত্যাৰ ঘটনাৰ লগত উত্তম খাখলাৰী জড়িত থকাৰ সন্দেহ কৰি আৰক্ষীয়ে অভিযান চলাই আছিল। গঁড় হত্যাৰ ঘটনাৰ পিছৰে পৰা তেওঁ নাগালেণ্ডত আত্মগোপন কৰি আছিল যদিও শেহতীয়াভাৱে সৰুপথাৰলৈ আহিছিল আৰু ইয়াৰ তথ্য লাভ কৰি আৰক্ষীয়ে খাখলাৰীক গ্ৰেপ্তাৰ কৰে।
লগতে পঢ়কঃকামৰূপ আৰক্ষীৰ অভিযানত গাঞ্জাসহ দুই ব্যৱসায়ী গ্ৰেপ্তাৰ
আনহাতে গ্ৰেপ্তাৰ কৰা লোকজন গঁড় হত্যাৰ লগত জড়িত আছিলনে নাই সেই সন্দৰ্ভত এতিয়াও স্পষ্ট হোৱা নাই। আৰক্ষীয়ে এতিয়াও বিষয়টো তদন্ত কৰি আছে।
গ্ৰেপ্তাৰৰ সময়ত তেওঁৰ জিম্মাৰ পৰা কোনো অস্ত্ৰ উদ্ধাৰ হোৱা নাই।