কয়াকুছিঃ বৰপেটা জিলাৰ পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্পৰ অধীনত ভক্তৰডবা চক্ৰৰ অন্তৰ্গত ২১০ নং নলীগাঁও উত্তৰ চোপা অংগনৱাড়ী কেন্দ্ৰত আজি চতুৰ্থ পোষণ পষেক উপলক্ষে এক সজাগতা আৰু প্ৰতিকাৰ সভা অনুষ্ঠিত হৈ যায়।

উক্ত শিবিৰত কিশোৰী, গৰ্ভৱতী আৰু প্ৰসূতী মাতৃৰ ৰক্তহীনতা পৰীক্ষা আৰু স্বাস্থ্য সম্পৰ্কে বিভিন্ন দিহা পৰামৰ্শ দিয়া হয় । শিবিৰত থলুৱা শাক পাচলিৰ প্ৰদৰ্শনী কৰা হয় আৰু লগতে ইয়াৰ সমাজ জীৱনৰ ওপৰত গুৰুত্বৰ বিষয়ে অৱগত কৰে।

আজিৰ এই সজাগতা শিবিৰত পাকা বেতবাৰী সংহত শিশু উন্নয়ন প্ৰকল্প বিষয়া কমল কুমাৰ শৰ্মা, ভক্তৰডবা উপ-স্বাস্থ্য কেন্দ্ৰৰ এ এন এম ৰমেনা খাতুন, মুখ্য সেৱিকা ক্ৰমে জুৰি দাস,ৰেহেনা হক, খণ্ড সমন্বয়ক ক্ৰমে সৌৰৱ কুমাৰ দাস,ননী গোপাল গোস্বামী, ২১০ নং নলীগাঁও অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী হালিমা খাতুন, ৯০ নং মধ্য নলীগাঁও অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী ইলিজা খানম,১৭৫ নং মহন বজাৰ অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী, মৰ্জিয়ানা খাতুন, ৮৯ নং নলীগাঁও অংগনৱাড়ী কেন্দ্ৰৰ কৰ্মী, মাজেদা খাতুন, আশা কৰ্মী আমিনা খাতুন আদিয়ে অংশগ্ৰহণ কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply