গুৱাহাটী : অসম পশুধন নিগমৰ দ্বাৰা গুৱাহাটীৰ বিৰুবাৰীত নৱ নিৰ্মিত বিপনী ‘সতেজ’ শুকুৰবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰে অসম পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়াই। পথাৰো আমাৰো, বজাৰো আমাৰ কাৰ্যসূচীৰ আধাৰত নিগমে নিজাববীয়াকৈ নিৰ্মাণ কৰি উলিওৱা এই বিপনীখনৰ জৰিয়তে সতেজ, স্বাস্থ্যসন্মত মাংস আৰু দুগ্ধজাত সামগ্ৰীৰ লগতে থলুৱা ভাৱে প্ৰস্তুত কৰা বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী উপলব্ধ হ’ব।

‘সতেজ’ বিপনী মুকলি অনুষ্ঠানত অসম পশুধন নিগমৰ।অধ্যক্ষ মনোজ শইকীয়াই কয় যে, নিগমে ধাৰাবাহিকভাৱে ৰাজ্যৰ উৎপাদিত সামগ্ৰী সুলভভাৱে বজাৰত উপলব্ধ কৰিবলৈ প্ৰচেষ্টা গ্ৰহণ কৰি অহাৰ লগতে ইয়াৰ জৰিয়তে যুৱক-যুৱতীসকলক সমানে আত্মনিৰ্ভৰশীল কৰিবলৈ কাৰ্যসূচী গ্ৰহণ কৰিছে।

লগতে পঢ়ক : মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ দাবীত ৰাজ্যজুৰি অসম জাতীয় পৰিষদৰ গণবিক্ষোভ

এই অনুষ্ঠানত পশুপালন আৰু পশু-চিকিৎসা বিভাগৰ সঞ্চালক ইন্দিৰা কলিতা, নিগমৰ পৰিচালন সঞ্চালক দিপালী দেৱী, বিভাগৰ যুটীয়া সচিহ অঞ্জনাভ চলিহা, প্ৰশাসনীয় বিষয়া ডা০ পূৰ্ণানন্দ কোঁৱৰ প্ৰমুখ্য বহু সংখ্যক বিষয়া আৰু স্থানীয় লোক উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply