গুৱাহাটী : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সমগ্ৰ দেশৰ ভিতৰতে ছেটেলাইট ফোনৰ ব্যৱহাৰ কৰা প্ৰথমখন ৰাষ্ট্ৰীয় উদ্যানত পৰিণত হয়। মুখ্য সচিব জিষ্ণু বৰুৱাই সুৰক্ষা কৰ্মীসকলৰ মাজত দহটাকৈ ছেটেলাইট ফোন বিতৰণ কৰে আৰু এই সেৱা ইতিমধ্যে সক্ৰিয় কৰি তোলা হৈছে।
উল্লেখ্য যে এটা খৰ্গৰ গঁড়ৰ বাবে সমগ্ৰ বিশ্বতে পৰিচিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সুৰক্ষা কৰ্মীসকলক ছেটেলাইট ফোন যোগান ধৰি অধিক সবল কৰি তোলাৰ সিদ্ধান্ত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিগত ২৭ মে’ তাৰিখে অনুষ্ঠিত বৈঠকত গ্ৰহণ কৰা হৈছিল য’ত পৰিৱেশ আৰু বন মন্ত্ৰী পৰিমল শুক্লবৈদ্য, মন্ত্ৰী অতুল বৰা আৰু কেশৱ মহন্ত, কাষৰীয়া জিলাসমূহৰ উপায়ুক্তসকলৰ লগতে শীৰ্ষস্থানীয় বন বিষয়াসকল উপস্থিত আছিল।

চোৰাং চিকাৰ বিৰোধী পদক্ষেপসমূহ অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে এনেদৰে উন্নত প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। এই ছেটেলাইট ফোনসমূহ উদ্যানখনৰ মোবাইল বা ৱায়াৰলেছ সেৱা উপলব্ধ নথকা ছয়টা ৰেঞ্জত ব্যৱহাৰ কৰা হ’ব। উদ্যান কৰ্তৃপক্ষই প্ৰকাশ কৰা অনুসৰি কাজিৰঙাই এই প্ৰযুক্তি ব্যৱহাৰ কৰা প্ৰথম ৰাষ্ট্ৰীয় উদ্যান কাৰণ এই ধৰণৰ ফোনসমূহ সাধাৰণতে দেশৰ শীৰ্ষ সুৰক্ষা সংস্থাসমুহে কৰ্মক্ষেত্ৰত ব্যৱহাৰ কৰে। সৰ্বসাধাৰণৰ বাবে এই ফোনৰ ব্যৱহাৰ সম্পূৰ্ণ নিষিদ্ধ। অসম ৰাজ্যিক দুৰ্যোগ প্ৰশমন ব্যৱস্থাপনা কৰ্তৃপক্ষৰ তৰফৰ পৰা এই ১০ টা ফোন ক্ৰয় কৰা হৈছে আৰু এই সেৱা বিএছএনএলৰ তৰফৰ পৰা আগবঢ়োৱা হ’ব। উদ্যান কৰ্তৃপক্ষই এই সেৱাৰ মাহিলী খৰছ ব্যয় কৰিব।

লগতে পঢ়ক : একাংশ পৰিচালক-প্ৰযোজকৰ বিৰুদ্ধে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়া গাৰ্গৰ তীব্ৰ ক্ষোভ

ইতিমধ্যে বিএছএনএলৰ তৰফৰ পৰা মোবাইল সেৱা উপলব্ধ নোহোৱা স্থানত এই ফোন ব্যৱহাৰ কৰাৰ পদ্ধতি বিষয়ত বনকৰ্মীসকলক প্ৰশিক্ষণ প্ৰদান কৰিছে।।”উদ্যানৰ ভিতৰুৱা অঞ্চলত যোগাযোগৰ অসুবিধাসমূহ এতিয়া আঁ‌তৰ হ’ল,” এজন বন বিষয়াই মন্তব্য কৰে। পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যই তৎকালীনভাৱে বনকৰ্মীক ছেটেলাইট ফোনৰ ব্যৱস্থা কৰি দিয়াৰ বাবে মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰে। “মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক উদ্যানৰ ভিতৰত যোগাযোগৰ সমস্যাৰ গুৰুত্ব বুজি অতি কম সময়ৰ ভিতৰতে ছেটেলাইট ফোনৰ ব্যৱস্থা কৰি দিয়া বাবে ধন্যবাদ জনাইছোঁ। এই ফোনসমূহে কৰ্মীসকলৰ মাজত সমন্বয় ৰক্ষা কৰাত সহায়ক হ’ব। বিশাল উদ্যানখনৰ পৰিচালনাৰ বাবে যোগাযোগৰ ক্ষেত্ৰত কোনো সমস্যা নাথাকিব। এই ফোনৰ দ্বাৰা আমাৰ কৰ্মীসকল চোৰাং চিকাৰীতকৈ সদায় এটা খোজ আগত থাকিব আৰু বানপানীৰ নিচিনা জৰুৰীকালীন পৰিস্থিতিত কামত আহিব,” শুক্লবৈদ্যই ব্যক্ত কৰে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,033 other subscribers

Leave a comment

Leave a Reply