মহানগৰীৰ সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ অভদ্ৰ আচৰণত স্তম্ভিত হ’ল স্বয়ং দণ্ডাধীশো আচৰিত।
এগৰাকী কাৰ্যবাহী দণ্ডাধীশক অভদ্ৰ আচৰণ কৰা বুলি অভিযোগ ভুক্তভোগীৰ
বিষয়া গৰাকীৰ নাম বিভাষ মেধি। দক্ষিণ শালমাৰাৰ নিৰ্বাচনী বিষয়া হিচাপে কৰ্মৰত ভুক্তভোগী বিষয়া গৰাকী।
উলেখ্য যে, সাতগাও থানাৰ অন্তৰ্গত দলবাৰীৰ কোনো অচিনাক্ত লোকে ফোন যোগে দণ্ডাধীশ জনক ভাবুকি দি আছিল ।
সেই সন্দৰ্ভত আজি ভুক্তভোগী বিষয়া গৰাকীয়ে সাতগাও আৰক্ষী থানাত অৱগত কৰিব অহাৰ সময়তে সাতগাও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাণজিত লহকৰে কোনো কাৰন নোহোৱাকৈ চৰিওৱাৰ লগতে অভদ্ৰ আচৰণ কৰি থানাৰ পৰা খেদি পঠিয়াই।