মৰাণ: অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত মৰাণৰ ডোমৰ দলংস্থিত বীৰাংগণা সতী সাধনী প্ৰকল্প ক্ষেত্ৰত অহা ২১ এপ্ৰিল তাৰিখে কেন্দ্ৰীয়ভাৱে বীৰাংগণা সতী সাধনী স্মৃতি দিৱস আয়োজন কৰিছে ।
ডিব্ৰুগড় জিলা প্ৰশাসন আৰু সদৌ চুতীয়া জাতি সন্মিলন অসমৰ সহযোগত তথা ডিব্ৰুগড় আৰু চৰাইদেউ জিলা , সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া জাতি যুৱ সন্মিলন, চুতীয়া জাতি মহিলা সন্মিলন আৰু চুতীয়া ছাত্ৰ সন্থাৰ আতিথ্যত আয়োজন কৰা এই দিৱসৰ বাবে বৃহস্পতিবাৰে লাইখুঁটা স্থাপন কৰাৰ লগতে কাৰ্যালয় মুকলি কৰা হয় ।
এই লাইখুঁটা স্থাপন আৰু কাৰ্যালয়ৰ মুকলি অনুষ্ঠানত মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈৰ লগতে আটাইকেইটা সংগঠনৰ বিষয়ববীয়া আৰু স্থানীয় লোকসকল উপস্থিত থাকে । স্মৃতি দিৱসটোত অসম চৰকাৰৰ কেইবাগৰাকীও কেবিনেট মন্ত্ৰীয়ে অংশগ্ৰহণ কৰিব বুলি উদ্যোগক্তা সকলে জানিবলৈ দিয়ে ।